ETV Bharat / state

অসৎ গ্ৰাহকৰ বিৰুদ্ধে অসম শক্তি বিতৰণ নিগমৰ অভিযান

author img

By

Published : Jun 30, 2021, 12:00 PM IST

Assam Power Distribution Corporation's campaign against unscrupulous customers
অসৎ গ্ৰাহকৰ বিৰুদ্ধে অসম শক্তি বিতৰণ নিগমৰ অভিযান

অসৎ গ্ৰাহকৰ বিৰুদ্ধে কলিয়াৰত অসম শক্তি বিতৰণ নিগমৰ (APDCL) অভিযান ৷ বক্ৰ পথেৰে বিদ্যুৎ ব‍্যৱহাৰ কৰা গ্ৰাহকৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন শক্তি বিভাগৰ ৷ অসৎ গ্ৰাহকক ৰেহাই নিদিয়াৰ সংকল্প লৈছে শক্তি বিভাগে ৷ মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ইতিমধ্যে বিদ্যুৎ চুৰিত সিদ্ধহস্ত বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সাধাৰণ গ্ৰাহকলৈকে মূৰৰ কামোৰণি হৈ উঠা দেখা গৈছে । ফলস্বৰূপে সৎ বিদ্যুৎ গ্ৰাহকসকলে স্বস্তিৰ নিস্বাস পেলাইছে ।

কলিয়াবৰ, 30 জুন : ৰাজ্যত ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta biswa sharma)ৰ নেতৃত্বাধীন নতুন চৰকাৰে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পাচতে কেইবাটাও বিভাগ সক্ৰিয় হৈ পৰা দেখা গৈছে । আন আন ক্ষেত্ৰৰ দৰে পিছ পৰি ৰোৱা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল (APDCL)। ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ (Bimal Bora) প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি অহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এ পি ডি চি এলে (APDCL) । বিভাগটোৱে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাত এচাম অসৎ বিদ্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ৷

বিগত সময়ছোৱাত নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বিভাগটো মন্ত্ৰী বিমল বৰা (Bimal Bora)ৰ নেতৃত্বত ইতিমধ্যে বিদ্যুৎ চুৰিত সিদ্ধহস্ত বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সাধাৰণ গ্ৰাহকলৈকে মূৰৰ কামোৰণি হৈ উঠা দেখা গৈছে । ফলস্বৰূপে সৎ বিদ্যুৎ গ্ৰাহকসকলে স্বস্তিৰ নিস্বাস পেলাইছে । উল্লেখ্য যে, বহু মাহ ধৰি মাচুল পৰিশোধ নকৰা গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ পৰিমাণৰ মাচুলৰ ক্ষেত্ৰত আংশিক মাচুল পৰিশোধৰ নিয়ম আছে ৷ কিন্তু বহু গ্ৰাহকে এনে সুবিধাও গ্ৰহণ কৰিব নিবিচাৰে ৷

অসৎ গ্ৰাহকৰ বিৰুদ্ধে অসম শক্তি বিতৰণ নিগমৰ অভিযান

ইয়াৰ ফলশ্ৰুতিত, বিদ্যুৎ বিভাগ তথা গ্ৰাহক উভয়ৰে ক্ষতি হৈ আহিছে ৷ আনহাতে, একাংশ গ্ৰাহকৰ ক্ষোভ সময়মতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বিল লাভ নকৰাৰ বাবেও মাচুল পৰিশোধ কৰিব পৰা নাই ৷

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে, দীৰ্ঘদিন ধৰি বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবেই শেহতীয়াকৈ শক্তি বিভাগে লোৱা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছিল । তিনি মাহতকৈ যদি অধিক সময়তকৈ যদি বিদ্যুৎ মাচুল পৰিশোধ নকৰে, তেনহ'লে বিভাগীয় নিয়ম মতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ যি ধাৰা, সেই ধাৰা মতেহে এই অভিযান চলোৱা হৈছে ৷ পূৰ্বৰ পৰাই এই নিয়ম আছে যদিও বিভিন্ন কাৰণত যোৱা ভালেমান দিন ধৰি এনে অভিযান চলোৱা হোৱা নাছিল ৷ কিন্তু শেহতীয়াভাৱে শক্তি বিভাগে কঠোৰ পদক্ষেপ হাতত লোৱাত পুনৰ এই অভিযান চলাবলগীয়া হৈছে ৷

Assam Power Distribution Corporation's campaign against unscrupulous customers
অসৎ গ্ৰাহকৰ বিৰুদ্ধে অসম শক্তি বিতৰণ নিগমৰ অভিযান

আনহাতে, সংমণ্ডলটোৰ শিলঘাট অঞ্চলতো সোমবাৰে অসৎ বিদ্যুৎ গ্ৰাহকৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযান কালত 10 গৰাকী গ্ৰাহকে অনিয়মৰ জৰিয়তে বিদ্যুৎ ব্যৱহাৰ কৰি অহাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিছিল ৷ তাৰ পাচতে একাংশ গ্ৰাহকৰ অভিযোগ, শক্তি বিভাগৰ এচাম বিষয়া-কৰ্মচাৰীৰে বুজাবুজি কৰি বহু গ্ৰাহকে অসৎ পন্থা গ্ৰহণ কৰিবলৈ সুবিধা পাইছে ৷ ঘৰুৱা তথা বাণিজ্যিক ব্যৱহাৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগত সংযোগী মিটাৰৰ বাহিৰেদি অধিক বিদ্যুৎ খৰচী সা-সঁজুলি চলাই বিদ্যুৎ বিভাগক ফাঁকি দি আহিছে ৷

Assam Power Distribution Corporation's campaign against unscrupulous customers
অসৎ গ্ৰাহকৰ বিৰুদ্ধে অসম শক্তি বিতৰণ নিগমৰ অভিযান

ইফালে, কলিয়াবৰৰ বিভিন্ন বিভাগে পৰিশোধ নকৰা বৃহৎ পৰিমাণৰ অনাদায়ী বিদ্যুৎ মাচুলৰ পৰিমাণে ৰাইজৰ চকু কপালত তুলিছে ৷ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে, জনস্বাস্থ্য কাৰিকৰী বিভাগ (Department of Public Health) ১৫,৯৫,৭৩৩ টকা, লোক নিৰ্মাণ বিভাগ (Public Construction Department) ১৪,৯০,৮৪১ টকা, জলসিঞ্চন বিভাগ (Irrigation Department) ৫,৩৬,০৪৮ টকা, বন বিভাগ (Forest Department ) ৪,৩০,৯৩৪ টকা, গৃহ বিভাগ (home department) ৩,৪১,৫৯৭ টকা, শিক্ষা বিভাগ (education department) ৭২,২৩১ টকা, মহকুমাধিপতি কাৰ্যালয় (sub division office)২,০৩,৪৬৭ টকা, পশু চিকিৎসা বিভাগ (Veterinary Department) ৮৪,০২৮ টকা, বস্ত্ৰ বিভাগ ৯০,৪০৪ টকা, কৃষি বিভাগ ৯,৮০,৬১৩ টকা, স্বাস্থ্য বিভাগ ১,৯৭,২৬০ টকা, উদ্যোগ আৰু বাণিজ্য বিভাগ (Department of Industry and Commerce) ৭,০৮৫ টকা, শ্ৰম আৰু নিয়োগ বিভাগ ৮৬,৯৯০ টকা, সমাজ কল্যাণ বিভাগ (Social Welfare Department) ২৩,০৭৭ টকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ (Panchayat and Rural Development Department ) ৭,৫৩,৯৪১ আৰু জলসম্পদ বিভাগ (Water Resources Department ) ৰ ১২,২৮৩ টকা অনাদায় হৈ আছে ৷

ইতিমধ্যে, এই বিভাগসমূহলৈ অনাদায়ী বিদ্যুৎ মাচুল অনতি পলমে পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: ঘৰে ঘৰে গৈ অবৈধ বিদ‍্যুৎ সংযোগ কৰ্তন APDCL ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.