মহাষষ্ঠীৰ নিশা পূজা মণ্ডপত সোমাল বাহন

author img

By

Published : Oct 12, 2021, 10:40 AM IST

Alert Police

কলিয়াবৰত পূজাৰ মণ্ডপতে সোমাল এখন বাহন ৷ আৰক্ষী-প্ৰশাসনৰ পূজাথলীত উপস্থিত থকাৰ পিছতো কেনেদৰে বাহনখন পূজাল সোমাল চাওক এই প্ৰতিবেদনত-

কলিয়াবৰ, 12 অক্টোবৰ : আজি মহা সপ্তমী ৷ পুৱাৰে পৰা দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্য ৷ প্ৰায় দুটা বছৰৰ অন্তত ৰাজ্য তথা দেশবাসীয়ে উদযাপন কৰিবলৈ লৈছে শাৰদীয় দুৰ্গা পূজা ৷

ইফালে দুৰ্গা পূজা বুলি সষ্টম হৈছে কলিয়াবৰৰ আৰক্ষী তথা প্ৰশাসন ব্যৱস্থা ৷ দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজত যাতে কোনো দুষ্কৃতিকাৰীয়ে অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জখলাবন্ধা চহৰৰ মাজ-মজিয়াত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে বাহিৰ কৰে এক পদযাত্ৰা । কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ উপস্থিতিত জখলাবন্ধা চহৰত মহাষষ্ঠীৰ দিনা দেখা যায় আৰক্ষীৰ এই পদযাত্ৰা ।

আৰক্ষীৰ পদযাত্ৰা

যদি কোনো লোকে আইন-শৃংখলা ভংগ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে ৷

লগতে পঢ়ক : মহাষষ্ঠী সম্পন্ন : ৰঙিয়াৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজাত ভক্তৰ সমাগম

ইয়াৰ মাজতে ষষ্ঠীৰ নিশা জখলাবন্ধাত সংঘটিত হয় এক পথ দুৰ্ঘটনা । জখলাবন্ধাৰ হাস্পতাল চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এক কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পূজাৰ মণ্ডপ ভাঙি সোমাই যায় এখন দ্ৰুতবেগী টিয়াগ’ বাহন । দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ হৈছে AS 01 EN 5469 ।

মহাষষ্ঠীৰ নিশা কলিয়াবৰত অঘটন

দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে চালকৰ প্ৰাণ ৷ এই দুৰ্ঘটনাত আহত হয় পূজা মণ্ডপত থকা এজন বাদ‍্যযন্ত্ৰী ।

উল্লেখ্য যে, নিৰাপত্তাৰ খাতিৰত আৰক্ষী-প্ৰশাসন কঠোৰ হোৱাৰ স্বত্বেও কেনেকৈ পূজা মণ্ডপ পালেহি দুৰ্ঘটনাগ্ৰস্ত বাহনখন ? কেৱল মাত্ৰ নামতহে নেকি আৰক্ষীৰ তহলৰ প্ৰসংগ ? এই প্ৰশ্ন সাধাৰণ ৰাইজৰ ৷

লগতে পঢ়ক : হোজাইৰ প্ৰতিখন পূজা মণ্ডপত উখল-মাখল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.