ETV Bharat / state

নগাঁও-কাছাৰ কাগজ কল নিলামৰ বিৰোধিতা AJYCPৰ

author img

By

Published : Jun 2, 2021, 7:47 PM IST

নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সংগঠনটো । এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

AJYCP reaction on Paper Mill Auction
নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ বিৰোধিতা AJYCPৰ

নগাঁও, ২ জুন : নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে নিলাম কৰিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেডৰ লিকুইডেটৰে নিলামৰ জাননী জাৰি কৰাৰ পিছতে জাঙুৰ খাই উঠি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই এক বিবৃতি প্ৰকাশ কৰিছে ।

এই বিবৃতিত উল্লেখ কৰিছে যে, বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৪ৰ লোকসভা নিৰ্বাচন, ২০১৬ৰ বিধাসভা নিৰ্বাচনৰ ওপৰিও ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত প্ৰচাৰ সভাসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটা পুনৰুজ্জীৱিতকৰণ কৰা হ'ব বুলি অসমৰ ৰাইজক আশ্বাস দিছিল । কিন্তু এই নিলাম প্ৰক্ৰিয়াৰ জড়িয়তে কাগজ কল দুটাৰ লগত প্ৰত্যক্ষভাৱে জড়িত ১২০০ গৰাকী কৰ্মচাৰীৰ লগতে পৰোক্ষভাৱে জড়িত হাজাৰ হাজাৰ ব্যৱসায়ী জীৱনলৈ অমানিশা নমাই আনিছে কেন্দ্ৰীয় চৰকাৰে ।

কাগজ কল দুটাক লৈ চৰকাৰৰ সু-পৰিকল্পনা নথকাৰ ফলশ্ৰুতিতে ৮৭ জনকৈ লোকে অকাল মৃত্যক সাৱতি ল'লে । কিন্তু চৰকাৰে তেওঁলোকৰ পৰিয়ালৰ কোনো দায়িত্ব নল'লে । কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ৫৩ মাহে দৰমহা নাপাই কেনেকৈ জীৱন নিৰ্বাহ কৰিছে তাৰ খবৰ ল'বলৈ অসমৰ উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আহৰি নাপালে বুলিও বিবৃতিখনত উল্লেখ কৰা হৈছে ।

আনহাতে, বিগত বিধানসভা নিৰ্বাচনতো বিজেপিৰ নেতাই কাগজ কল দুটা মুকলি কৰা হ'ব বুলি আশ্বাস দি অসমীয়া ৰাইজৰ আবেগৰ লগত খেলা কৰিছে বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰিছে । ৰাজহুৱা খণ্ডৰ এই প্ৰতিষ্ঠান দুটাৰ নিলাম কোনো কাৰণত মানি লোৱা নহ'ব বুলি সংগঠনটোৰ নেতাদ্বয়ে হুংকাৰ দিয়ে ।

তাৰোপৰি এছিয়াৰ ভিতৰতে উৎকৃষ্ট মানৰ কাগজ নিৰ্মাণ কৰা জাগীৰোডস্থিত নগাঁও কাগজ কলৰ লগতে কাছাৰ কাগজ কল লাভজনক স্থিতিত থকাৰ পাছতো কি কৰণত ৰহস্যজনকবাৱে বন্ধ কৰি দিয়া হ'ল বুলি প্ৰশ্নৰ অৱতাৰণা কৰে ।

উল্লেখ্য যে, নিৰ্বাচনী ফলাফল ঘোষণাৰ অন্তত বৰ্তমানৰ অসম চৰকাৰে এনেকুৱা ওলোটা খৰ মৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । চৰকাৰে কৰা এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে অসমৰ সকলো শ্ৰমিক-কৰ্মচাৰী, দল-সংগঠন, ইউনিয়নক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে । লগতে কাগজ কল দুটা জীয়াই তোলাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ বিভিন্ন দল-সংগঠন আৰু সচেতন মহলে দাবী কৰিছে ।

লগতে পঢ়ক:এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে দিলজানবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.