ETV Bharat / state

নগাঁৱত AJYCP ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author img

By

Published : Aug 17, 2022, 8:25 PM IST

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট। অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ওপৰত লোৱা সিদ্ধান্ত বাতিল নকৰিলে গণ আন্দোলনৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP Opposes Decision of Teaching of Maths and Science in English)।

AJYCP Protest against Assam Cabinet decision in Nagaon
নগাঁৱত AJYCP ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

নগাঁও, 17 আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰূপায়ণ কৰে ৩ ঘণ্টিয়া গণ অৱস্থান ধৰ্মঘট। মুঠ চাৰিটা দাবীৰে ছাত্ৰ পৰিষদে ৰূপায়ণ কৰে গণ অৱস্থান ঘৰ্মঘট কাৰ্যসূচী। তেওঁলোকৰ দাবী সমূহ হৈছে- তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান দিয়াৰ সিদ্ধান্ত বাতিল কৰিব লাগে চৰকাৰে । ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে (AJYCP Protest against Assam Cabinet decision)।

প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰৰ অন্তৰে অন্তৰে বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিব লাগে । ইংৰাজী ভাষাত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিলে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ অস্তিত্ব নাইকিয়া হ’ব, অসমীয়া ভাষাৰ প্ৰতি চৰম ভাবুকি নামি আহিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এনে স্ববিৰোধী আৰু অসমীয়া ভাষা বিদ্বেষী সিদ্ধান্তক তীব্ৰ গৰিহণা জনাই এইসমূহ সিদ্ধান্ত বাতিল কৰাৰ লগতে ছাত্ৰ পৰিষদৰ চাৰিটা দাবী মানিবলৈ চৰকাৰক দাবী জনাইছে ।

নগাঁৱত AJYCP ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

অন্যথা অনাগত দিনত ছাত্ৰ পৰিষদে গণ অৱস্থান ধৰ্মঘটৰ পৰিৱৰ্তে অসমত গণ আন্দোলন গঢ়াৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP Protest in Nagaon)।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত ৰাজ্যিক কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়াব লাগিব বুলি এক সিন্ধান্ত গ্ৰহণ কৰিছিল (Mathematics and science will be taught in English in Assam school)। কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে এনেদৰেই সাব্যস্ত কৰিছে প্ৰতিবাদ ।

লগতে পঢ়ক: প্ৰতিবাদ আৰম্ভ নৌহওঁতেই যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.