ETV Bharat / state

প্ৰতিবাদ আৰম্ভ নৌহওঁতেই যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

author img

By

Published : Aug 17, 2022, 1:53 PM IST

AJYCP
AJYCP

বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত (protest of Assam Jatiytabadi Yuva Chatra Parishad) আৰক্ষীয়ে পদপথতে টনা-আঁজোৰা কৰে প্ৰতিবাদকাৰীক । প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ নৌহওঁতেই আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক (AJYCP protest against Assam Government new education system) ।

গুৱাহাটী, ১৭ আগষ্ট : ৰাজ্যজুৰি চলি আছে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ৰাজ্য চৰকাৰে ইংৰাজী কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী (Assam Government new education system) । ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে (protest against teaching medium from class III in english) ।

এই পদক্ষেপৰ দ্বাৰা মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানবোৰক ক্ৰমে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ আছু (AASU), এবছু (ABSU), অসম সাহিত্য সভা (Assam Sahitya Sabha), বড়ো সাহিত্য সভাকে (Bodo Sahitya Sabha) ধৰি বিভিন্ন দল-সংগঠনৰ । অসম চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে নিতৌ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে ৰাজ্যজুৰি । এইবাৰ এই প্ৰতিবাদী কাৰ্যসূচীত সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ।

বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত (protest of Assam Jatiytabadi Yuva Chatra Parishad) আৰক্ষীয়ে পদপথতে টনা-আঁজোৰা কৰে প্ৰতিবাদকাৰীক । প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ নৌহওঁতেই আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক (AJYCP protest against Assam Government new education system) ।

অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি হাতত লয় গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । তাৰেই অংশ হিচাবে গুৱাহাটী মহানগৰতো দীঘলীপুখুৰী পাৰত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিবলৈ আহোঁতেই আটক কৰে প্ৰতিবাদকাৰীক (police detained AJYCP workers in Guwahati)। পদপথৰ পৰাই টানি-আঁজুৰি আটক কৰে প্ৰতিবাদকাৰীসকলক । ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় এক হতাহতি পৰিস্থিতিৰ ।

প্ৰতিবাদস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকো আটক কৰে আৰক্ষীয়ে (police detained AJYCP president Palash Sangmai) । আনহাতে, সংবাদ মাধ্যমৰ আগত পলাশ চাংমায়ে কয়, "আমি তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ (National Education Policy) আধাৰত প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰা, প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰা, ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ দাবী জনাইছো । প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আহি পদপথত ৰৈ থকা অৱস্থাতে আৰক্ষী আটক কৰাটোক মানি ল'ব নোৱাৰো ।"

লগতে পঢ়ক :গুৱাহাটী পৌৰ নিগমৰ ২০ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.