ETV Bharat / state

গুৱাহাটী পৌৰ নিগমৰ ২০ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

author img

By

Published : Aug 16, 2022, 9:19 PM IST

মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত চলিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷ পৌৰ নিগমখনত সংঘটিত হোৱা ২০ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগৰ ভিত্তিত চলিল এই অভিযান (CM Vigilance Raids in GMC)।

CM Vigilance Raids in GMC
২০ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

গুৱাহাটী, 16 আগষ্ট: জাৱৰ নিষ্কাশনৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত হৈছে ২০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী (Mud scam in Guwahati Municipal Corporation)। গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তৰ এক তদন্তৰ প্ৰতিবেদনত পোহৰলৈ আহিছে জাৱৰ নিষ্কাশনৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা এই বৃহৎ পৰিমানৰ টকাৰ বিয়াগোম কেলেংকাৰী তথ্য (Scam in GMC)।

জাৱৰ নিষ্কাশনৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা এই বিয়াগোম কেলেংকাৰী তদন্ত কৰাৰ বাবে মঙলবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটী পৌৰ নিগমৰ পানবজাৰস্থিত মুখ্য কাৰ্য্যালয়ত অভিযান চলায় (CM Vigilance Raids in GMC)। উল্লেখ্য যে জাৱৰ নিষ্কাশনৰ নামত গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা ২০ কোটি টকাৰ বিয়াগোম কেলেংকাৰীত সাঙোৰ খাই পৰিছে নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদৰ নাম ।

গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদৰ এই দুনীতিৰ লগত সহযোগ কৰিছে গুৱাহাটী পৌৰ নিগমৰ অ' এছ ডি বাবুলাল শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ পাঁচগৰাকী অভিযন্তাই । জাৱৰ নিষ্কাশনৰ নামত গুৱাহাটী পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদে দুনীতি কৰাৰ অভিযোগৰ ভিত্তিত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্তৰ দায়িত্ব দিছিল ।

পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে গুৱাহাটীৰ জাৱৰ পেলোৱা স্থানত ডাম্পাৰেৰে জাৱৰ কঢ়িওৱাৰ নমাত ভুৱা বিল দি মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদে পৌৰ নিগমৰ ৰাজকোষৰ পৰা এক বছৰত ২০ কোটি টকা লুটি নিছিল । পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদৰ এই কেংলেকাৰীৰ লগত গুৱাহাটী পৌৰ নিগমৰ অ' এছ ডি বাবুলাল শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ পাঁচগৰাকী অভিযন্তাই সহযোগ কৰাৰ তথ্য পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত কৰাৰ দায়িত্ব দিছিল ।

পংকজ চক্ৰৱৰ্তীৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত আয়ুক্ত দেৱাশীষ শৰ্মাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা তিনিজনীয়া দলে মঙলবাৰে তিনিঘন্টা ধৰি গুৱাহাটী পৌৰ নিগমৰ পানবজাৰৰ মুখ্য কাৰ্য্যালয়ত অভিযান চলায় ৷ অভিযান কালত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক সোধাপোছা কৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ পৰীক্ষা কৰি দলটো উভতি যায় ।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুনীতিৰ নায়ক পৌৰ নিগমৰ মুখ্য স্বচ্ছতা বিষয়া আছিফ আহমেদ আৰু গুৱাহাটী পৌৰ নিগমৰ অ' এছ ডি বাবুলাল শৰ্মাৰ লগতে নিগমৰ পাঁচগৰাকী অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক: বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.