ETV Bharat / state

আজি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

author img

By

Published : Aug 16, 2022, 8:47 PM IST

Updated : Aug 17, 2022, 7:13 AM IST

Special session of Assam Assembly
বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে । বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ চলিব(Special session of Assam Assembly)। অধিৱেশনত বিধায়কসকলে স্বাধীনতা দিৱসৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব। দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও অধিৱেশনত আলোচনা কৰা হ'ব ।

গুৱাহাটী, 17 আগষ্ট: অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন বুধবাৰে অনুষ্ঠিত হ’ব । স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে । বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ'ব (Special session of Assam Assembly)।

স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব (Independence day special session of Assam assembly)। এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা । অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Speaker of Assam assembly) জনোৱা মতে বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনৰ বাবে ৪ ঘণ্টীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে । সন্ধিয়া ৭ বজাত অন্ত পৰিব অধিৱেশনৰ কাৰ্যসূচী ।

অধ্যক্ষ দৈমাৰীয়ে প্ৰকাশ কৰা অনুসৰি অধিৱেশনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব । তদুপৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰসংগয়ো এই অধিৱেশনত স্থান লাভ কৰিব । অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি তেওঁ সদৰী কৰে ।

দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে । এবছৰ ধৰি উদযাপন হোৱা আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসসূচী সন্দৰ্ভতো অধিৱেশনত আলোচনা কৰা হ’ব । অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা হ’ব । বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব । বৰ্তমানৰ ভাৰত আৰু আগৰ ভাৰতৰ ওপৰতো আলোচনা হ’ব বুলি জানিবলৈ দিয়ে অধ্যক্ষ দৈমাৰীয়ে ।

লগতে পঢ়ক: কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ বিধানসভাত প্ৰথমটো শুনানি

Last Updated :Aug 17, 2022, 7:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.