ETV Bharat / state

আৰ্তজনৰ সহায়ৰ বাবে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ খাদ্যভঁৰাল স্থাপন

author img

By

Published : May 22, 2021, 3:45 PM IST

AJYCP Food store establish at nagaon
আৰ্তজনৰ সহায়ৰ বাবে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ খাদ্যভঁৰাল স্থাপন

ক'ভিড প্ৰ'ট'কল মানি ঘৰৰ পৰা ওলাই আহিব নোৱাৰা লোকক ৯৩৬৫৯৪২৬৫৯, ৬৯০১৬৪৯১১৮, ৭০০২৭৬৮৮৬৩, ৯১০১৩৪৯৭২৭, ৯১০১৪২১৭০৩, ৬০০০৩৪৫১৭০ নম্বৰত যোগাযোগ কৰি খাদ্যসামগ্ৰী সমূহ তথ্য দিয়াৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে আহ্বান জনায় ৷

নগাঁও, 22 মে’ : ক'ভিড মহামাৰীৰ সময়ত দৰিদ্ৰ জণগণক সাহাৰ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নতুন বজাৰস্থিত কাৰ্যালয়ত এটা অস্থায়ী খাদ্য ভঁড়াল স্থাপন কৰিছে ৷ যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দিপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই এক বিবৃতিৰ জৰিয়তে শনিবাৰে এই কথা জানিবলৈ দিয়ে ।

নেতাদ্বয়ে বিবৃতিত কয় যে, ক'ভিড অতিমাৰীৰ সময়ত এজন আনজনৰ ওচৰত থিয় হৈ সহায়ৰ হাত আগবঢ়াব লাগে । কিন্তু বহুলোকে সহায়ৰ হাত আগবঢ়াইছে যদিও নিৰ্ধাৰিত ১১ বজাত সকলো দোকান পোহাৰ বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত পদপথৰ ভিক্ষাৰী, শাক-পাচলি আৰু কল বিক্ৰেতা, ৰিক্সাৱালা, ঠেলাৱালাকে ধৰি বহিঃৰাজ্যৰ পৰা আহি নগাঁও জিলাখনত আৱদ্ধ হৈ থকা লোকসকল খাদ্যৰ সংকটত পৰিছে । সেয়ে সমিতিয়ে খাদ্যভঁৰালত সংগৃহীত খাদ্যসমূহ দৰিদ্ৰ জণগণৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে ।

নেতাদ্বয়ে লগতে আগ্ৰহী ব্যক্তিক পৰিষদৰ নতুন বজাৰস্থিত জিলা কাৰ্যালয়ত নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰীসমূহ যোগান ধৰিবলৈ আহ্বান জনাইছে ৷ ইফালে একাংশ লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিও ক'ভিড প্ৰ'ট'কল মানি ঘৰৰ পৰা ওলাই আহিব পৰা নাই বুলি উল্লেখ কৰি তেনেলোকক ৯৩৬৫৯৪২৬৫৯, ৬৯০১৬৪৯১১৮, ৭০০২৭৬৮৮৬৩, ৯১০১৩৪৯৭২৭, ৯১০১৪২১৭০৩, ৬০০০৩৪৫১৭০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিষদে আহ্বান কৰিছে ৷ পৰিষদে তেওলোকৰ ঘৰৰ পৰা খাদ্যসামগ্ৰীসমূহ সংগ্ৰহ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শনিবাৰে পঞ্চদশ বিধানসভা অধিবেশনত প্ৰথম ভাষণ দিব ৰাজ্যপালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.