ETV Bharat / state

AGP meeting Nagaon: 2024 ৰ লোকসভা নিৰ্বাচনত নগাঁও বিচাৰিব অগপই !

author img

By

Published : Apr 8, 2023, 9:06 PM IST

AGP meeting Nagaon
নগাঁৱত কৰ্মকর্তা সন্মিলনেৰে শক্তি প্ৰদৰ্শন অসম গণ পৰিষদৰ

নগাঁৱত কৰ্মকর্তা সন্মিলনেৰে শক্তি প্ৰদৰ্শন অসম গণ পৰিষদৰ (AGP Karmakarta Sanmilan held in Nagaon) । অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ উপস্থিতিত নগাঁৱত অগপৰ কৰ্মকর্তা সন্মিলন । লোকসভা নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দলটোৰ ভেঁটি শক্তিশালী কৰাৰ প্ৰচেষ্টাত দলীয় নেতা কৰ্মী ।

2024 ৰ লোকসভা নিৰ্বাচনত নগাঁও বিচাৰিব অগপই !

নগাঁও, 8 এপ্ৰিল : এসময়ৰ অগপৰে দুৰ্গ হিচাপে পৰিগণিত মধ্য অসমৰ নগাঁৱত পুনৰ শক্তিশালী ৰূপত আঞ্চলিক দল অগপ । শনিবাৰে নগাঁৱত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই একপ্ৰকাৰ শক্তি প্ৰদর্শন কৰিলে আঞ্চলিক দল অসম গণ পৰিষদে (AGP Karmakarta Sanmilan held in Nagaon)। শনিবাৰে নগাঁও সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় অগপৰ কৰ্মকর্তা সন্মিলন (AGP meeting Nagaon) ।

কৰ্মকর্তা সন্মিলনত দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মকর্তা সন্মিলনত অংশগ্ৰহণ কৰে জিলাখনৰ সহস্ৰাধিক দলীয় কৰ্মীয়ে । উদ্দেশ্য, আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে জিলাখনত দলটোৰ ভেঁটি শক্তিশালী কৰা ।

জিলাখনত দলটোক পূৰ্বৰ দৰেই শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেই অনুষ্ঠিত কৰ্মকর্তা সন্মিলনত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে দিলে আন এক ইংগিত । বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ হাতৰ পৰা কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হোৱা নগাঁও লোকসভা সমষ্টিটো আঞ্চলিক দল অগপই মিত্ৰদল বিজেপিৰ পৰা বিচৰাৰেই ইংগিত দিলে অগপ নেতা ফণীভূষণ চৌধুৰীয়ে ।

সংবাদ মাধ্যমৰ সন্মুখত ফণীভূষণ চৌধুৰীয়ে মন্তব্য কৰে যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱত দলটোৰ ভেঁটি শক্তিশালী কৰিব পাৰিলেহে অগপই বিচাৰিব প্ৰাৰ্থিত্ব । লগতে অসমত আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

নগাঁৱৰ শেনচোৱাৰ পৰা অগপৰ যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদৰ নেতৃত্বত বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি কৰ্মকর্তা সন্মিলনত অংশগ্ৰহণ কৰে দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । বিশাল কৰ্মকর্তা সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে, সম্প্ৰতি দলটোৰ যুৱ পৰিষদৰ লগতে ছাত্ৰ পৰিষদো যথেষ্ট শক্তিশালী হৈছে ৷ সমগ্ৰ অসমতে নতুন প্ৰজন্মৰ মাজত পুনৰ আঞ্চলিকতাবাদৰ ধাৰা আৰম্ভ হোৱা বুলি দাবী মন্ত্ৰী কেশৱ মহন্তৰ ।

অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰে আসন বুজাবুজি নিশ্চিত বুলি স্পষ্ট হৈছে দলটোৰ সভাপতি অতুল বৰাৰ ভাষ্যত । নগাঁও জিলা অগপৰ কৰ্মকর্তা সন্মিলনত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ উপৰিও সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অগপৰ নগাঁও জিলা সভাপতি মণিমাধৱ মহন্তৰ লগতে বহুকেইজন দলীয় নেতা উপস্থিত থাকে । অগপ দলৰ বিশাল কৰ্মকর্তা সন্মিলনে নিশ্চিতভাৱেই শংকিত কৰিব জিলাখনৰ নগাঁও কলিয়াবৰ লোকসভা সমষ্টি দখলত ৰাখিবলৈ সক্ষম হোৱা কংগ্ৰেছ দলক ।

লগতে পঢ়ক : Assam in Tezpur: মুখ্যমন্ত্ৰীয়ে যুৱকক সুধিলে কিমান খালি ? যুৱকৰ উত্তৰ এক কোৱাৰ্টাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.