ETV Bharat / state

AASU General Secretary: জনপ্ৰতিনিধিসকলৰ তৰল আৰু সংগতিহীন মন্তব্যই অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ; শংকৰজ্যোতি বৰুৱা

author img

By

Published : Jun 19, 2023, 6:19 PM IST

AASU General Secretary at Kaliabor
চৰকাৰক সমালোচনা আছুৰ সাধাৰণ সম্পাদকৰ

সোমবাৰে কলিয়াবৰত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ কলিয়াবৰত উপস্থিত হৈ ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰত সেৱা ল'লেহি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

কলিয়াবৰত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

কলিয়াবৰ, 19 জুন: প্ৰৱাসী শিক্ষাৰ্থীৰ পৰা দানসূত্ৰে এশ কোটিৰো অধিক ধন সংগ্ৰহৰ পৰিকল্পনাৰ ফলত স্থানীয় শিক্ষাৰ্থী কেনেদৰে প্ৰভাৱান্বিত হ'ব সেই লৈ উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থা ৷ অসমৰ শিক্ষা জগতত নীতি বহিৰ্ভূত কাৰ্যৰ বিৰুদ্ধে ছাত্ৰ সন্থাই মাত মাতিবই ৷ তাত কোনো ব্যক্তি স্বাৰ্থৰ কথা নাই ৷ সোমবাৰে কলিয়াবৰত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ কলিয়াবৰত উপস্থিত হৈ ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰত সেৱা ল'লেহি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

প্ৰৱাসী ভাৰতীয়ক অসমৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ শিক্ষাবিদ-বুদ্ধিজীৱিৰে আলোচনাত মিলিত হ'ব ৷ ৰাজ্য চৰকাৰৰ কেবিনেটে এই সন্দৰ্ভত লোৱা সিদ্ধান্তৰ ফলত প্ৰায় ডেৰ শতাধিক আসন প্ৰৱাসী ভাৰতীয় শিক্ষাৰ্থীয়ে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত নাম ভৰ্তিৰ সুবিধা লাভ কৰিব ৷ যাৰ জৰিয়তে অসম চৰকাৰে এশ কোটি টকাৰ দান সংগ্ৰহৰ পৰিকল্পনা লোৱাৰ কথা প্ৰকাশ কৰিছে ৷ ফলস্বৰূপে স্থানীয় শিক্ষাৰ্থী বঞ্চিত হ'ব ৷ এনে পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ শিক্ষাবিদ, বুদ্ধিজীৱি তথা ব্যক্তি বিশেষৰে আলোচনা কৰি আজি সন্ধ্যা এক বিবৃতি প্ৰকাশ কৰিব বুলি কলিয়াবৰত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰসংগত তেওঁ কয় যে, বিভিন্ন সময়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যিদৰে টুলুঙা মন্তব্য দিবলৈ লৈছে, তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান চৰকাৰখনত শিক্ষামন্ত্ৰীগৰাকীৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰিছে ৷ তেখেতৰ মন্তব্য বা কাম-কাজ শিক্ষা বিভাগটোতে গুৰুত্বহীন ৷ তেনে এজন ব্যক্তিয়ে কি কৈছে সেইটো চিন্তা কৰিবলগীয়া বিষয় বুলি ছাত্ৰ সন্থাই নাভাবে ৷ মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীৰ কাম-কাজত এনেদৰে হস্তক্ষেপ কৰিছে যে তেওঁ প্ৰলাপ বকিবলৈ লৈছে ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনচিতীয়াকৈ কাম কৰিবলৈ দিয়া উচিত, নহ'লে এইদৰে প্ৰলাপ বকি থাকিলে শিক্ষামন্ত্ৰীগৰাকী এসময়ত অন্তৰ্ধান হ'বগৈ বুলি মন্তব্য কৰে ছাত্ৰ নেতাজনে ৷

ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষৰে হোৱা বিতৰ্কৰ বিষয়ে সম্পাদকগৰাকীয়ে কয় যে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তদানীন্তন অধ্যক্ষ ড৹ দয়ানন্দ বৰগোঁহাইৰে হোৱা আলোচনাত তেওঁ ৰাজ্যৰ কিছু শিক্ষানুষ্ঠান সন্দৰ্ভতত কিছু অভিযোগ তথ্য সহকাৰে দি ছাত্ৰ সন্থাৰ পৰা সহযোগিতা কামনা কৰিছিল, মাত মতাটো বিচিৰিছিল ৷ যিহেতু আছু এক ছাত্ৰ সংগঠন সেয়ে ছাত্ৰ-ছাত্ৰীৰ হকে মাত মাতিছিল ৷ তাত কোনো শিক্ষানুষ্ঠানৰ নাম লোৱাও হোৱা নাছিল ৷ কিন্তু দেওবাৰে অনুষ্ঠিত হোৱা আছুৰ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে এবছৰৰ পাছত সেই বিষয়ক লৈ ৰাজহুৱাকৈ আছুৰ ওপৰত এক অভিযোগ আনিছিল ৷ সেয়ে এই বিষয়টো স্পষ্ট কৰি দিবলগীয়া হ'ল ৷ কোনো শিক্ষানুষ্ঠানৰ নাম নোলোৱাকৈ আমাৰ বক্তব্য ৰামানুজনৰ অধ্যক্ষগৰাকীয়ে গাত পাতি লোৱাৰ কোনো যুক্তি নাছিল ৷ আমাৰ কোনো ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অভিযোগ নাই ৷ অভিযোগ কেৱল এনে অনিয়ম, নীতি বহিৰ্ভূত কাৰ্য, শিক্ষাক বিক্ৰী কৰাসকলৰ বিৰুদ্ধেহে ৷ ৰামানুজন ছাত্ৰ-ছাত্ৰীৰ মেধাক লৈ আমাৰ কোনো সন্দেহ নাই ৷ কিন্তু তেনে নীতি বহিৰ্ভূত কাৰ্য‍ৰ বিৰুদ্ধে ছাত্ৰ সন্থাই মাত মাতিবই ৷ তাত কোনো ব‍্যক্তি স্বাৰ্থৰ কথা নাই বুলি কয় নেতাজনে ৷

লগতে তেওঁ কয় যে, ৰাজ্যৰ বিপৰ্যস্ত জনজীৱনক ৰাজ্যৰ জনপ্ৰতিনিধিসকলৰ তৰল আৰু সংগতিহীন মন্তব্যই এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্যৰ চৰকাৰী মন্ত্ৰী-নেতাৰ সেই লৈ কোনো গুৰুত্ব নাই ৷ জনসাধাৰণে এখন বিকশিত অসম বিচাৰে য'ত – মূল্য বৃদ্ধিৰ সমস্যা, বান সমস্যা, শিক্ষা সমস্যা নোহোৱা হওক ৷ নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰোঁতে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰ্ণ কৰাৰ চেষ্টা কৰক ৷ তাকে দাবী কৰিলে আমেৰিকা, ফ্ৰাঞ্চতো মূল্য বৃদ্ধি হয়, বানপানী হয়, নিবনুৱা সমস্যা আছে জাতীয় টুলুঙা মন্তব্যৰে নিজৰ জ্ঞানহীনতাৰ ছবিখন দাঙি ধৰিলে জনসাধাৰণ কাৰ ভৰষাত জীয়াই থাকিব বুলি মন্তব্য কৰে আছুৰ নেতাজনে ৷

লগতে পঢ়ক: Feliciation programme at Marigaon :মৰিগাঁৱত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.