ETV Bharat / state

সীমান্তৰ দুৰ্গম অঞ্চলতো চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে: কিৰেণ ৰিজিজু

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:47 PM IST

Union Minister Kiren Rijiju in Morigaon
কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজু

মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ ভকতগাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Vikashit Bharat Sankalp Yatra in Assam)। তেওঁ বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহো পৰিদৰ্শন কৰে ।

Union Minister Kiren Rijiju in Morigaon
কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজু

মৰিগাঁও, ১৭ ডিচেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ ভকতগাঁও গাঁও পঞ্চায়তৰ কপাহেৰা ষ্টেডিয়ামত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহ পৰিদৰ্শন কৰে । এই উপলক্ষে কপাহেৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখন দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকসকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে বদ্ধপৰিকৰ ।

কেন্দ্ৰীয় চৰকাৰে সকলো স্তৰৰ লোকক সামৰি ল'ব পৰাকৈ ভালেমান আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এতিয়া মানুহৰ জীৱন সলনি হৈছে । সীমান্তৰ দুৰ্গম অঞ্চলতো মানুহ চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে মহিলা সবলীকৰণত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে । তাৰেই ফলস্বৰূপে পৰৱৰ্তী ৫-৬ মাহৰ ভিতৰত কৃষি খণ্ডত বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰি "নমো ড্ৰোণ দিদি" আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰি খেতিপথাৰত ড্ৰোণ ব্যৱহাৰৰ বাবে দক্ষ কৰি তোলা হ'ব ।

অসমৰ সৈতে এটা আবেগিক সম্পৰ্ক আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমখনক তেওঁৰ নিজৰ ঘৰৰ দৰে অনুভৱ হয় । অৰুণাচল প্ৰদেশে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ আগতে তেওঁলোকে নিজকে অসমীয়া বুলিয়েই পৰিচয় দিছিল বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে ।

এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই চৰকাৰৰ বিভিন্ন আঁচনি যেনে জল জীৱন অভিযান, অৰুণোদয়, উজ্বলা, আয়ুস্মান ভাৰত, পি এম কিষাণ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আদিৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি সমাজৰ সকলো স্তৰৰ লোকক সামৰি উন্নয়নৰ বাটেৰে অগ্ৰসৰ হৈছে । মোদী চৰকাৰৰ বিকাশমুখী এই যাত্ৰাই সৰ্বাংগীন উন্নয়ন সুদৃঢ় আৰু সুনিশ্চিত কৰিছে বুলি তেওঁ দোহাৰে । তেওঁ পুনৰ কয় যে কোনো এগৰাকী যোগ্য ব্যক্তি যাতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ওপৰত এই আঁচনিসমূহৰ সাফল্য নিৰ্ভৰ কৰিব । তেওঁ জনসাধাৰণক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

সভাখনত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ৰাইজৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ যোগ্য হিতাধিকাৰীসকলক এই সভাতেই বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণত কয় যে চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

সভাৰ অংশৰূপে কৃষি বিভাগৰ উদ্যোগত ড্ৰোণ প্ৰযুক্তিৰ সহায়ত নেন' ইউৰিয়া প্ৰদৰ্শন কৰা হয় । লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত থাকে ।

লগতে পঢ়ক:এবছুৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.