ETV Bharat / state

জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

author img

By

Published : Apr 27, 2021, 7:59 AM IST

চোৰৰ তাণ্ডৱ চলিছে জাগীৰোডৰ কাগজ কলত । অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে জাগীৰোডৰ শিলভঙা অঞ্চল ।

thief in Morigaon paper mill
জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

জাগীৰোড,27 এপ্ৰিল: জাগীৰোডস্থিত নগাঁও কাগজ কলত বহুদিনৰ পৰা অব্যাহত আছে চোৰৰ তাণ্ডৱ । দীৰ্ঘদিন বন্ধ হৈ থকা কাগজ কলটোত পোহৰ আৰু প্ৰয়োজনীয় নিৰাপত্তা নথকাৰ সুযোগ লৈ প্ৰায়েই চোৰে চুৰি কৰি লৈ যায় বহু মূল্যৱান সামগ্ৰী ৷

thief in Morigaon paper mill
জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

দেওবাৰে জাগীৰোড আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৫ টাকৈ গভাইত চোৰক । পিছত আৰক্ষীয়ে চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত চুৰি হোৱা কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চুৰি সামগ্ৰীসমূহ ক্ৰয় কৰা ব্যক্তিকেইজনে ঘটনাৰ উমান লাভ কৰি আগতীয়াকৈ পলায়ন কৰে ।

জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

জানিব পৰা গৈছে যে, ধৃত চোৰ কেইটা জাগীৰোডৰ শিলভঙা অঞ্চলৰ বাসিন্দা । জাগীৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই জানিবলৈ দিয়া অনুসৰি, শিলভঙাৰ জনবসতি পূৰ্ণ অঞ্চলটোত নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ পৰা আদি কৰি প্ৰায়েই চলি থাকে বহু ধৰণৰ অপৰাধমূলক কৰ্ম । স্মৰ্তব্য় যে, পূৰ্বতেও এই অঞ্চলৰ পৰাই উৎখাত কৰা হৈছিল মদ-ভাং, ড্ৰাগছ আদিৰ ঘাটি ।

thief in Morigaon paper mill
জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

লগতে পঢ়ক : ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.