ETV Bharat / state

মৈৰাবাৰী বজাৰত চাইকেল চোৰ আটক

author img

By

Published : May 8, 2021, 7:39 AM IST

মৈৰাবাৰী বজাৰত এটা চাইকেল চোৰ আটক
মৈৰাবাৰী বজাৰত এটা চাইকেল চোৰ আটক

মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত ইছৰাফিল নামৰ এজন যুৱকে চাইকেল লৈ উধাও হওঁতেই ৰাইজৰ হাতত ধৰা পৰে ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে মৈৰাবাৰী আৰক্ষীক খবৰ দিয়ে ৷

মৰিগাঁও,8 মে’: কৰ’ণাৰ এই ভয়ংকৰ সময়ছোৱাত মৈৰাবাৰীত একাংশ সুবিধাবাদী লোকে নিতৌ বিভিন্ন ঠাইত সংঘটিত কৰিছে চুৰি কাৰ্য ৷ শুকুৰবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত এটা চোৰে চুৰিকাৰ্য সংঘটিত কৰিবলৈ লওঁতেই ধৰা পৰে ৰাইজৰ হাতত ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, ইছৰাফিল নামৰ এজন যুৱকে মৈৰাবাৰী বজাৰৰ পৰা এখন চাইকেল লৈ উধাও হ’বলৈ ধৰোতে ৰাইজৰ হাতত ধৰা পৰে ৷

ৰাইজে যুৱকজনক হাতে-লোটে ধৰি বিদ্যুতৰ খুঁটাত বান্ধি উত্তম-মধ্যম দিয়াৰ পাছতে মৈৰাবাৰী আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, আৰক্ষীয়ে চোৰটোক থানালৈ নি ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে ৷

লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.