ETV Bharat / state

ন্যায়ৰ অপেক্ষাত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক

author img

By

Published : May 9, 2021, 12:56 PM IST

আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে দিশহাৰা হোৱাৰ অভিযোগ ভাৰতীয় ষ্টেট বেংকৰ মৰিগাঁও শাখাৰ এগৰাকী গ্ৰাহকৰ ৷ গ্ৰাহকজনৰ জমা ধনৰ বেংক একাউণ্টৰ পৰা জালিয়াতিৰে ধন আত্মসাতৰ অভিযোগ । উপায়ন্তৰ গ্ৰাহকগৰাকীয়ে উপায়ুক্ত, দণ্ডাধীশ আৰু আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায় ৷

MORIGAON
ভাৰতীয় ষ্টেট বেংকৰ মৰিগাঁও শাখাৰ দিশহাৰা এজন গ্ৰাহক

মৰিগাঁও,৯ মে': এমাহ সময় উকলি যোৱাৰ পাচতো আজিকোপতি ন্যায় নাপালে ভাৰতীয় ষ্টেট বেংকৰ মৰিগাঁও শাখাৰ এজন গ্ৰাহকে । আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে অৱশেষত উপায়ন্তৰ হৈ উপায়ুক্ত, দণ্ডাধীশ আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ কাতৰ আহ্বান ভুক্তভোগী গ্ৰাহকগৰাকীৰ । মৰিগাঁও শাখাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰভেটা গাঁৱৰ জাকিৰ হুছেইন নামৰ লোকজনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

ঘটনা অনুসৰি, ডিমাপুৰত থকা জাকিৰ হুছেইনৰ নামত উক্ত শাখাটোৰ পৰা গাঁৱৰে একে নামৰে লোক এজনে জালিয়াতিৰে চহী কৰি ৭,২০,০০০ টকা আত্মসাৎ কৰে । নিৰ্বাচনৰ সময়ত হুছেইনে ঘৰলৈ আহোতে যেতিয়া শাখাটোত আবেদন কৰা চেকবুক ল'বলৈ আহে, সেই সময়তে জোলোঙাৰ মেকুৰী ওলাই পৰে । এই কথা জানিব পাৰি প্ৰথমে ব্যক্তিগৰাকীয়ে মিকিৰভেটাৰ আৰক্ষীৰ সহায় বিচাৰে ৷ কিন্তু বিষয় সন্দৰ্ভত মিকিৰভেটা আৰক্ষীৰ ৰহস্যজনক ভূমিকাত ক্ষুব্ধ হৈ ব্যক্তিগৰাকীয়ে মৰিগাঁও সদৰ আৰক্ষীক গোচৰ দাখিল কৰে ।

কিন্তু সকলো সকলো নথি-পত্ৰ প্ৰদানৰ পাচতো আৰক্ষীয়ে হাত সাৱটি বহি থকাৰ বিষয়টোৱে এক প্ৰশ্নৰ অৱতাৰণা কৰিছে । প্ৰশ্ন হয় যে, বেংকৰ গুৰুত্বহীনতাৰ বাবে এই কাণ্ড সংঘটিত হ'ল নেকি ! এইদৰে আগশাৰীৰ বেংক প্ৰতিষ্ঠানে গ্ৰাহকৰ সেৱা আগবঢ়ালে কি বিপৰ্যয় হ'ব, সেয়া সহজে অনুমেয় ।

লগতে পঢ়ক: দিল্লীৰ ব্লু-প্ৰিণ্ট: হিমন্তই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.