ETV Bharat / state

Public agitation in Morigaon: মৰিগাঁৱত দুই ইটাভাটা মালিকৰ যুঁজত শ্ৰমিকৰ মৰণ

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:35 AM IST

মৰিগাঁৱৰ ডোঙাবৰী গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ শ্ৰমিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচ তৰাৰ ভাবুকি ইটাভাটা মালিকৰ ৷ যাক লৈ উত্তপ্ত পৰিস্থিৰ সষ্টিৰ হয় ৷

Morigaon bricks industry
মৰিগাঁৱত দুই ইটাভাটা মালিকৰ যুঁজত শ্ৰমিকৰ মৰন

মৰিগাঁৱত দুই ইটাভাটা মালিকৰ যুঁজত শ্ৰমিকৰ মৰন

মৰিগাঁও, 21 ছেপ্টেম্বৰ : মৰিগাঁৱৰ ডোঙাবৰীত উত্তপ্ত পৰিস্থিতি ৷ ইটাভাটাৰ শ্ৰমিক আৰু মালিক মাজত বাক বিতণ্ডা ৷ যাক লৈ উত্তপ্ত পৰিৱেশ সৃষ্টি হয় ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিতিত হোৱাতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ ঘটনা অনুসৰি ডোঙাবৰীত এগৰাকী মহিলাই এটা ইটাভাটা লীজত লৈ চলাই আছে ৷ কিন্তু দুই পক্ষ মালিকৰ আভ্যন্তৰীণ কন্দলৰ বাবে উক্ত ইটাভাটাত কাম কৰি থকা শ্ৰমিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিব বুলি প্ৰদান কৰে এগৰাকী ইটাভাটা ব্যৱসায়ী মহিলাই ৷ যাক লৈ এই উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয় ৷

অভিযোগ অনুসৰি, গুৱাহাটীৰ এগৰাকী মহিলাই হীৰকজ্যোতি বৰা নামৰ ব্যক্তিৰ পৰা লীজত লৈ ইটাভাটাতো চলাই আছিল ৷ ইফালে লীজত লোৱা ইটা ভাটাটোৰ ম্যাদ আগন্তুক 14 অক্টোবৰত উকলিব ৷ সেই বাবে দুই পক্ষৰ মালিকৰ মাজত অভ্যন্তৰীণ কন্দলৰ সৃষ্টি হৈছে ৷ যাৰ বাবে বুধবাৰে মহিলা ব্যৱসায়ীগৰাকীয়ে স্থানীয় শ্ৰমিকসকলক যৌন নিৰ্যাতনৰ গোচৰ দিব ভাবুকি প্ৰদান কৰিছিল ৷

‘‘আমাৰ ল’ৰা বিলাকে ধৰ্ষণ কৰিবলৈ যোৱা নাই ! যেনে মতে ইটাভাটাতো কাম কৰি চলি আছে ৷ কাক ধৰ্ষণ কৰিলে আমাৰ ল’ৰাসকলে ! তাৰ উত্তৰ লাগে ৷’’ এই ক্ষোভ স্থানীয় ৰাইজৰ ৷

আন এক অভিযোগ অনুসৰি, ইটা ভাটাটোৰ প্ৰকৃত স্বত্বাধিকাৰীয়ে ইটাভাটাটোৰ চিমনী বাবে যাৱতীয় প্ৰস্তুতি চলাই আছিল । কাৰণ বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰি প্ৰাথমিক ভাৱে কাম-কাজ আৰম্ভ কৰাৰ উদেশ্য আছিল ৷ কিন্তু মহিলাগৰাকীৰে পূজাৰ আচবাবসমূহ নদীত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে । ইটাভাটাতো প্ৰকৃত স্বত্বাধিকাৰী হীৰক জ্যোতি বৰাই কাম কাজ আৰম্ভ কৰাত মহিলাগৰাকীয়ে পুনৰ এবছৰ চুক্তি ম্যাদ বৃদ্ধিৰ বাবে পূৰ্বৰ চুক্তি পত্ৰ 2023 চনটো উল্লেখ কৰি বিগত 6 জুনত পুনৰ আদালতৰ দ্বাৰস্থ হৈছিল । বিপৰীতে প্ৰকৃত স্বত্বাধিকাৰী হীৰক জ্যোতি বৰাই ইটাভাটাত নিয়োগ কৰা স্থানীয় শ্ৰমিকসকলক বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিব বুলি ভাবুকি প্ৰদান কৰে মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক: Murder case in Morigaon: ভাৰাঘৰত উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.