ETV Bharat / state

Protest in Morigaon for constituency reservation : মৰিগাঁও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবীত বিশাল জোঁৰ সমদল কাৰ্যসূচী

author img

By

Published : Jun 25, 2023, 8:13 AM IST

মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত মৰিগাঁৱত তীব্ৰ প্ৰতিবাদ ৷ সদৌ তিৱা ছাত্ৰ সন্থাৰ দুয়োটা ফৈদ ,তিৱা যুৱ ছাত্ৰ পৰিষদৰ দুটা গোট ,তিৱা মহিলা সমাজ, তিৱা সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত মৰিগাঁৱত উলিওৱা হয় বিশাল জোঁৰ সমদল ।

tiwa massive light protested in Morigaon
মৰিগাঁৱত তীব্ৰ প্ৰতিবাদ

জোঁৰ সমদল কাৰ্যসূচী

মৰিগাঁও, 25 জুন : শনিবাৰে মৰিগাঁৱত ৰূপায়ন কৰা হয় বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷ ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত মধ্য অসমৰ এটাও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ নকৰাৰ প্ৰতিবাদত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ শনিবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ দুয়োটা ফৈদ তথা সকলো তিৱা জাতীয় সংগঠনৰ যৌথ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত ম'বাইলৰ টৰ্চ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদী দল-সংগঠনবোৰে বিভিন্ন শ্ল’গান প্ৰদানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

উল্লেখ্য যে, 1977 চনৰ পৰা মৰিগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ মুক্ত কৰা হৈছিল । সেয়ে তিৱা বসতি প্ৰধান মৰিগাঁও সমষ্টিটো এইবাৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পূৰ্বে জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবে ভাৰতৰ নিৰ্বাচনী আয়োগক আবেদন জনাইছিল ৷ পৰৱৰ্তী সময়ত তিৱা জাতীয় সংগঠনৰ আবেদনক উপেক্ষা কৰি প্ৰকাশিত খচৰাত মৰিগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ মুক্ত কৰাত ক্ষোভিত হৈ পৰিছে মধ্য অসমৰ তিৱা জনজাতীয় লোকসকল ।

tiwa massive light protested in Morigaon
মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত প্ৰতিবাদ

শনিবাৰে নিশা মৰিগাঁও চহৰৰ মাজমজিয়াত ম’বাইলৰ টৰ্চ লাইট জ্বলাই মৰিগাঁও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী লোকসকলে । তিৱা জাতীয় সংগঠনৰ দুয়োটা ফৈদৰ নেতৃত্বই 33 শতাংশ লোকৰ বসতি অঞ্চলক জনজাতিৰ বাবে সংৰক্ষণ কৰিছে কিন্তু মৰিগাঁও সমষ্টিটোত 60% জনজাতি বসতি প্ৰধান হোৱাৰ পিছতো কাৰ স্বাৰ্থৰ বাবে সংৰক্ষণ মুক্ত কৰিলে বুলি ভাৰতৰ নিৰ্বাচনী আয়োগ আৰু ৰাজ্য চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ।

সমষ্টিৰ সকলো তথ্য পাতি আয়োগ আৰু চৰকাৰক দাখিল কৰাৰ পিছতো এই জনজাতি বিৰোধী খচৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে আগন্তুক দিনত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰী তিৱা জাতীয় সংগঠনকেইটাই চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক : MLA Rama Kanta Dewri: নগৰত বাস কৰা কিছুমান মুধাফুটা ব্যক্তিয়ে সংৰক্ষণৰ বিৰোধিতা কৰিছে; ৰমাকান্ত দেউৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.