ETV Bharat / state

MLA Rama Kanta Dewri: নগৰত বাস কৰা কিছুমান মুধাফুটা ব্যক্তিয়ে সংৰক্ষণৰ বিৰোধিতা কৰিছে; ৰমাকান্ত দেউৰী

author img

By

Published : Jun 24, 2023, 7:22 PM IST

MLA Rama Kanta Dewri
বিধায়ক ৰমাকান্ত দেউৰী

মৰিগাঁৱত জনজাতি সমষ্টি নহ’লে কোনে বেয়া পাইছে জানিবলৈ গাঁৱত যাবলৈ সাংবাদিকক আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ আৰু দহ বছৰৰ পাছত মৰিগাঁৱত সন্দেহযুক্ত বাংলাদেশী প্ৰতিনিধি হ’ব বুলি মন্তব্য কৰে বিধায়কজনে ৷

সমষ্টি সংৰক্ষণ সন্দৰ্ভত বিধায়ক ৰমাকান্ত দেউৰীৰ প্ৰতিক্ৰিয়া

মৰিগাঁও, 24 জুন: মৰিগাঁও জিলাৰ নগৰত বসবাস কৰা কিছুমান মুধাফুটা ব্যক্তিয়ে সমালোচনা কৰিছে ৷ সাধাৰণ শ্ৰেণীৰ ৰাইজে ভাল পাইছে ৷ মৰিগাঁও জিলাৰ নগৰত যিসকল লোকে বাস কৰে সেইসকলৰ কথা গাঁৱৰ ৰাইজে নুশুনে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এই মন্তব্য মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ৷

উল্লেখযোগ্য যে, মৰিগাঁও জিলা তথা মধ্য অসমৰ বিশেষ কৈ 80 নং মৰিগাঁও বিধান সভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ দাবী জনাইছিল তিৱা জনগোষ্ঠী বিভিন্ন দল সংগঠনে ৷ ইয়াৰ বাবে তেওঁলোকে বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ বিপৰীতে মৰিগাঁও সদৰ সমষ্টিটো অসংৰক্ষিত ৰাখিবলৈ মৰিগাঁৱত বিভিন্ন অজনজাতি লোকে দাবী জনোৱাৰ বাতৰি প্ৰকাশ হৈছিল বিভিন্ন সংবাদ মাধ্যমত ৷ এই সন্দৰ্ভত শনিবাৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই দৰে ৷ তেওঁ কয় যে, সমষ্টি এটা এক বিশেষ জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰিলে বাকী জনগোষ্ঠী সমূহে বেয়া পাবই ৷ কিন্ত অপ্ৰিয় হ’লেও সত্য যে, মৰিগাঁও জিলাৰ নগৰত বসবাস কৰা কিছুমান মুধাফুটা ব্যক্তিয়ে এই বিষয়তো সমালোচনা কৰিছে ৷ কিন্ত সাধাৰণ শ্ৰেণীৰ মানুহে ভাল পাইছে বুলি কয় বিধায়কজনে ৷

তেওঁ আৰু কয় যে, গাঁৱৰ ৰাইজে কৈছে যে আমাৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব লাগে ৷ মৰিগাঁৱত জনজাতি সমষ্টি নহ’লে কোনে বেয়া পাইছে জানিবলৈ গাঁৱত যাবলৈ সাংবাদিকক আহ্বান জনায় বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ ভাৰত স্বাধীন হোৱাৰ 75 বছৰ পাৰ হ’ল; সকলোতে এছটি, এছছি সমষ্টি আছে ৷ গতিকে মৰিগাঁৱত কিয় নাথাকিব বুলিও প্ৰশ্ন কৰে তেওঁ ৷

মৰিগাঁও সমষ্টি জনজাতীয় সমষ্টি হোৱাত কিছু সংখ্যকৰ আপত্তি কিহৰ বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, আজি লাহে লাহে মুছলমান বাংলাদেশী জনসংখ্যা বৃদ্ধি হৈছে ৷ আৰু দহ বছৰৰ পাছত মৰিগাঁৱত সন্দেহযুক্ত বাংলাদেশী প্ৰতিনিধি হ’ব বুলি মন্তব্য কৰে বিধায়কজনে ৷ সেইবাবেই মৰিগাঁও সমষ্টিটো সংৰক্ষণ কৰিব লাগে বুলি কয় বিধায়কজনে ৷ লগতে এই কথাটো গাঁৱৰ সাধাৰণ ৰাইজে বুজি পাইছে; কিন্ত মৰিগাওঁ চহৰৰ কেইজনমান নেতাই বুজি পোৱা নাই বুলি মন্তব্য কৰে বিধায়ক ৰমাকান্তই ৷

কোনো ব্যক্তি বিশেষৰ নাম উল্লেখ নকৰাকৈ বিধায়কজনে কয় যে, বামুণ আৰু মহন্তই লগাই দিছে মৰিগাঁও সমষ্টিৰ সংৰক্ষণৰ বিৰোধিতা কৰিবলৈ ৷ মৰিগাঁৱত বামুণ -মহন্তৰ সংখ্যা তেনেই নগণ্য, সেইবাবে বেলেগ মানুহ লগাই দিছে সমষ্টি জনজাতিকৰণৰ বিৰুদ্ধে মাত মাতিবলৈ ৷ লগতে বিধায়কজনে কয় যে, কোচ ৰাজবংশী ছাত্ৰ সন্থাই মৰিগাঁও সমষ্টি সংৰক্ষণৰ বিৰুদ্ধে মাত মতা নাই ৷ আনহাতে মৰিগাঁও জিলা ছাত্ৰ সন্থাই এই সময়ত সংৰক্ষণৰ ক্ষেত্ৰত মাত নিদি পলাইছে বুলিও কটাক্ষ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

লগতে পঢ়ক: AASU Protest: চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.