ETV Bharat / state

World Records through Bihu : বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্যৰ বিহুৱা-বিহুৱতীসকল

author img

By

Published : Apr 9, 2023, 10:34 AM IST

Bihu practice in Assam
Youth to join Sarusajai mega Bihu

মৰিগাঁও বিহুতলিত নিশা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ একেদৰে নগাঁৱত চলা বিহুনাচৰ আখৰা কাৰ্যসূচীত উপস্থিত থাকিল মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিধায়ক ৰূপক শৰ্মা (Bihu practice in Assam) ৷

Youth to join Sarusajai mega Bihu

মৰিগাঁও, 9 এপ্ৰিল : পহিলা ব'হাগত বিশ্ব অভিলেখ গঢ়িবলৈ সাজু মৰিগঞাঁ বিহুৱা-বিহুৱতীসকল ৷ আখৰা সামৰণি উৎসৱত শনিবাৰৰ নিশা ১৬০ গৰাকী বিহুৱতী আৰু ৪০ জন বিহুৱাৰ সুন্দৰ প্ৰদৰ্শনেৰে মৰিগাঁও জিলা প্ৰশাসন, জিলাবাসীৰ মন মোহিত কৰিবলৈ সক্ষম হয়। অসমৰ জাতীয় উৎসৱ তথা বাপতি সাহোন বিহুক বিশ্বৰ মানচিত্ৰত অংকন কৰাৰ লক্ষ্যৰে সাজু হৈ উঠিছে অসমৰ ১১ হাজাৰ বিহুৱা-বিহুৱতী (Assam govt bihu world record show)।

মৰিগাঁও জিলাৰ নিৰ্বাচিত ২০০ গৰাকী বিহুৱা-বিহুৱতীয়ে শনিবাৰে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত আখৰা সামৰণি অনুষ্ঠানত ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰিলে বিহু । মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই আদৰণি ভাষণ ৰখা এই বিহু প্ৰদৰ্শন অনুষ্ঠানত উপস্থিত থাকে অসমৰ পৰ্যটন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা । লগতে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি বিভিন্ন বিভাগৰ বিষয়া তথা গণ্য-মান্য ব্যক্তিসকল (Guinness Book of World Records through Bihu) ।

অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো পূৰ্ণোদ্যমে চলিছে বিহুৰ প্ৰস্তুতি ৷ ৭৫০ গৰাকী নাচনী, বিহুৱাৰ অন্তিম আখৰা চলে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত । অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা । অসমৰ জাতীয় উৎসৱ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেই অসম চৰকাৰে আয়োজন কৰিছে এই বিহুৰ (Youth to join Sarusajai mega Bihu) ৷

জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত অন্তিম আখৰাত অংশগ্ৰহণ কৰে জিলাখনৰ ৭৫০ গৰাকী নাচনী-বিহুৱাই । বিহু আখৰাৰ প্ৰশিক্ষকৰ সৈতেও আলোচনাত মিলিত হয় মন্ত্ৰী কেশৱ মহন্ত । উল্লেখযোগ্য যে, অহা ১৪ এপ্ৰিলত গুৱাহাটীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিহু নৃত্য অনুষ্ঠিত কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ৰাজ্য চৰকাৰে চলাইছে প্ৰস্তুতি । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Minister Jayanta malla Baruah in Morigaon)।

লগতে পঢ়ক : Rahul gandhi tweet on Adani : ৰাহুল গান্ধীক আদাললত দেখা কৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.