ETV Bharat / state

Most Wanted cyber criminal surrendered: ম’ষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰৰ আত্মসমৰ্পণ

author img

By

Published : Mar 24, 2023, 11:00 PM IST

Most Wanted cyber criminal Mussabir Hussain surrendered in Morigaon
ম’ষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰৰ আত্মসমৰ্পণ

মৰিগাঁৱত অব্যাহত আছে চাইবাৰ অপৰাধী অভিযান ৷ শুকুৰবাৰে মৈৰাবাৰীৰ ম’ষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰ হুছেইনে মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে(Most Wanted cyber criminal surrendered) ৷

মষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰৰ আত্মসমৰ্পণ

মৰিগাঁও, 24 মাৰ্চ: চাইবাৰ অপৰাধ আৰু অপৰাধীৰ হাব হিচাপে পৰ্যবসিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী ৷ মৈৰাবাৰী এটাৰ পিচত আনটো চাইবাৰ অপৰাধী আৰক্ষী জালত পৰাৰ পিচতো আৰক্ষী চকুত ধূলি ছটিয়াই চাইবাৰ অপৰাধেৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল মুচ্ছাবিৰ হুছেইন নামৰ ম’ষ্ট ৱাণ্টেড অপৰাধীটোৱে (Cyber criminal Mussabir Hussain) ৷ অৱশেষত মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে চাইবাৰ অপৰাধী মুচ্ছাবিৰে (Most Wanted cyber criminal surrendered) ৷

ইয়াৰ পিচতে শুকুৰবাৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত জিলাৰ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এক সংবাদমেল আয়োজন কৰে (Morigaon Police press meet) ৷ এই সংবাদমেলখনত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে মুচ্ছাবিৰে বহিঃৰাজ্যৰ লগতে অসমৰো বিভিন্ন ব্যক্তিৰ পান কাৰ্ড আৰু ভুৱা পান কাৰ্ড, আধাৰ কাৰ্ড, ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি লগতে বেংক একাউন্ট খুলি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈ লুন্ঠন চলাই আহিছে ৷ তাৰ ওপৰতে ভিতিত কৰি আমি মুচ্ছাবিৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিলো ৷

ইফালে 23 বছৰীয়া মুচ্ছাবিৰ হৈছে অগাধ সম্পত্তিৰ মালিক(Cyber criminal surrendered in Morigaon) ৷ ছাইবাৰ জগতত প্ৰৱেশৰ প্ৰাকমুহূৰ্তত মৈৰাবাৰীৰ মুচ্ছাবিৰ হুছেইনৰ বাসগৃহ জৰাজীৰ্ণ অৱস্থাৰ আছিল ৷ কিন্তু তিনিবছৰৰ ভিতৰতে মুচ্ছাবিৰৰ বাসগৃহ দেখিলে আপোনাৰ চকু কঁপালত উঠিব ৷ তিনিবছৰৰ ব্যৱধানত ৰাজপ্ৰসাদ সদৃশ অট্টালিকা মুচ্ছাবিৰৰ।

বৰ্তমানলৈ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা ৩২ টা চাইবাৰ অপৰাধীক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও মৈৰাবাৰীৰ ম’ষ্ট ৱাণ্টেড মুচ্ছাবিৰ হুছেইন দীৰ্ঘদিন ধৰি পলাই ফুৰিছিল ৷ শেহতীয়াকৈ জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল মুচ্ছাবিৰে ৷ কিন্তু জামিনৰ বাবে বিফল হোৱাত শুকুৰবাৰে মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে চাইবাৰ অপৰাধী মুচ্ছাবিৰ হুছেইনে ।

এতিয়া প্ৰশ্ন উত্থাপন হয় যে এনেদৰে কিমান চাইবাৰ অপৰাধীয়ে জিলাখনক গ্ৰাস কৰি ৰাখিছে ৷ মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে মাৰাথান অভিযান চলাইছে যদিও এতিয়াও জিলাখনৰ বিভিন্ন অঞ্চলত অব্যাহত হৈছে চাইবাৰ অপৰাধ। এক কথাত দৈনিক হাৰত সংঘটিত হৈ আছে এনে ধৰণৰ অপৰাধৰ ঘটনা ৷

লগতে পঢ়ক: Cyber crime in India : দেশৰ প্ৰায় ১৬ কোটি লোকৰ ব্যক্তিগত তথ্য চুৰি, আৰক্ষীৰ জালত দুষ্টচক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.