ETV Bharat / state

মৰিগাঁৱত ৰাইজৰ দলৰ ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Oct 29, 2020, 10:31 PM IST

ৰাইজৰ দলে নেতাগৰাকীয়ে তিৱা স্বায়ত্বশাসন পৰিষদৰ চলি থকা তদন্ত প্ৰক্ৰিয়া পৰিষদৰ লেনদেনৰ 2010 পৰা তদন্ত হ’ব লাগে । কিমান টকা আহিছে ক‘ত কিমান খৰছ হৈছে সকলো হিচাপ তদন্ত আওতালৈ আনিব লাগে ।

morigaon-raijor-dol-meeting
মৰিগাঁৱত ৰাইজৰ দলৰ ৰুদ্ধদ্বাৰ বৈঠক

মৰিগাঁও, 29 অক্টোবৰ : মৰিগাঁৱত বৃহস্পতিবাৰে ৰাইজৰ দলৰ এখন গুৰুত্বপূৰ্ণ দলীয় বৈঠক অনুষ্ঠিত হয় । মৰিগাঁও আৱৰ্ত ভৱনৰ কক্ষত অনুষ্ঠিত ৰুদ্ধদ্বাৰ বৈঠকৰ পাছতে সাংবাদিকৰে হোৱা মতবিনিময়ত নৱগঠিত দলটোৰ মুখ্য আহবায়ক ৰুবুল দাসে স্পষ্ট কৰে যে, মৰিগাঁৱৰ তিনিটা বিধানসভা সমষ্টিতে আগন্তুক 2021 চনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দতা আগবঢ়াব আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী নিশ্চিত ভাৱে বিজয়ী হ‘ব।

একেটা প্ৰসংগতে আহ্বায়ক গৰাকীয়ে কয় যে, এইবাৰ গৰিষ্ঠ সংখ্যক আসনত বিজেপিৰ প্ৰাৰ্থীয়ে খাব মুখথেকেচা । উল্লেখ্য যে, ৰাইজৰ দলে নেতাগৰাকীয়ে তিৱা স্বায়ত্বশাসন পৰিষদৰ চলি থকা তদন্ত প্ৰক্ৰিয়া পৰিষদৰ লেনদেনৰ 2010 পৰা তদন্ত হ’ব লাগে । কিমান টকা আহিছে ক‘ত কিমান খৰছ হৈছে সকলো হিচাপ তদন্ত আওতালৈ আনিব লাগে ।
লগতে পঢ়ক: পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.