ETV Bharat / state

Morigaon Robbery incident:মৰিগাঁও আৰক্ষীৰ জালত ডকাইত

author img

By

Published : Aug 17, 2023, 7:02 PM IST

Morigaon Robbery incident
ডকাইত

মৰিগাঁও আৰক্ষী অভিযানত পুনৰ আন এটা ডকাইত আৰক্ষীৰ জালত । গ্ৰেপ্তাৰ হোৱা ডকাইতটো জালালুদ্দিনৰ পুত্ৰ ৰাহুল ইছলাম (২৮) বুলি জানিব পৰা গৈছে ।

মৰিগাঁও, 17 আগষ্ট : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ দৈনিক হত্যা, চুৰি, ডকাইতি, ধৰ্ষণৰ খবৰে জনসাধাৰণক চিন্তাত পেলাইছে ৷ প্ৰতিখন জিলাতে আৰক্ষীয়ে দিনে-নিশাই অপৰাধ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ শেহতীয়াকৈ মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই কেইবাটাও চোৰ, ডকাইত আৰু হত্যাকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ মৰিগাঁও আৰক্ষীয়ে নগাঁও জিলাৰ ৰূপহী হাট আৰক্ষী থানাৰ গুণাবৰী গাঁৱৰ পুঠিখাইটিৰ পৰা এটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ধৃত ডকাইতটো বিগত শুকুৰবাৰে নিশা মৰিগাঁৱত সংঘটিত হোৱা ডকাইতি কাণ্ডৰে জড়িত ।

মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু মৰিগাঁও সদৰ আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া জ্যোতিপ্ৰসাদ সন্দিকৈ নেতৃত্বত তৎকালীন অভিযানত নগাঁও জিলাৰ ৰূপহী হাটৰ গুণাবৰী গাঁৱৰ পৰা আচিকুৰ ৰহমান আৰু ৰেকিবুদ্দিনক নামৰ দুই ডকাইতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । মন কৰিবলগীয়া যে আৰক্ষী অহাৰ সম্ভেদ পাই দুই ডকাইতে জ্বলাই দিছিল দোকানৰ নথি পত্ৰ । উক্ত ডকাইত কেইটাই ব্যৱসায়ী কিশোৰ জৈনৰ পৰা কাঢ়ি লৈ যোৱা বেগ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী ।

আৰক্ষীয়ে এই ডকাইত কেইটাক ধৰিবলৈ লওতেই ইয়াৰে ‌এটা ডকাইতে বাইকৰ পৰা জপিয়াই পলায়ন কৰাৰ অপচেষ্টা চলায় । বিগত নিশা মৰিগাঁও চহৰত সংঘটিত হোৱা ডকাইতি কাণ্ডত জড়িত থকা দুখন বাইকো জব্দ কৰে মৰিগাঁও আৰক্ষীয়ে । মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান । শনিবাৰে নিশা সংবাদ মেল সম্বোধন কৰি অভিযানৰ সন্দৰ্ভত ব্যাখ্যা কৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । শুকুৰবাৰে নিশা মৰিগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কে কে এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী কিশোৰ কুমাৰ জৈনক ডেগাৰ দেখুৱাই ভাবুকি দি কৰিছিল ডকাইতি । মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সদৰী কৰা মতে নগাঁও জিলাৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত গুণাবৰী গাঁৱৰ হাফিজুৰ ৰহমানৰ পুত্ৰ আচিকুৰ ৰহমানৰ আনটো নাম হৈছে ৰেকিবুদ্দিন ।

ডকাইত ৰেকিবুদ্দিনৰ ঘৰ ৰূপহীত । ডকাইতটোৰ AS02AG-4929 নম্বৰৰ পালচাৰ বাইকখনো জব্দ কৰে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰাৰ অধীনত মৰিগাঁও আৰক্ষী থানাত ৰুজু কৰিছে ৩০৫/২৩ নম্বৰৰ গোচৰ । ইফালে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ক্ষীপ্ৰতাৰে আটাইকেইটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত মৰিগাঁৱৰ আগশাৰীৰ ব্যৱসায়ী কিশোৰ কুমাৰ জৈনে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে মৰিগাঁও আৰক্ষী প্ৰশাসনক ।

লগতে পঢ়ক : Morigaon theft incident:আৰক্ষী চি আৰ পি এফ বাহিনীৰে গিজগিজাই থকাৰ সময়তে চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.