ETV Bharat / state

তিৱা পৰিষদলৈ পৰ্যাপ্ত পুঁজি আগবঢ়াব চৰকাৰে : ৰমাকান্ত দেউৰী

author img

By

Published : Jan 7, 2021, 6:56 AM IST

Updated : Jan 7, 2021, 7:58 AM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ বিধায়ক গৰাকীয়ে ক’লে ‘‘আজি মধ্য অসম বাসীৰ বাবে এটা উল্লেখযোগ্য দিন । মই বিচৰাত কৈ অধিক ধন পৰিষদৰ উন্নয়নৰ বাবে মুকলি কৰি দিয়াৰ বিষয়ে ঘোষণা কৰিছে চৰকাৰে’’ ।

tiwa autonomous council
তিৱা পৰিষদলৈ পৰ্যাপ্ত পুঁজি আগবঢ়াব চৰকাৰে

মৰিগাঁও, 7 ডিচেম্বৰ : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিচতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে মিলিত হয় পৰিষদত আসন গ্ৰহণ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, উপ মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, অধ্যক্ষ মদন বৰদলৈ, উপাধ্যক্ষ অংকুৰ দেউৰীৰ প্ৰমুখ্যে বিষয়ববীয়া সকল ।
তিৱা স্বায়ত্ব শাসিত পৰিষদত নিৰ্বাচিত বিষয় ববীয়া সকলক সকলো প্ৰকাৰে সহায় সহযোগিতা কৰিবলৈ সাজু থকা বুলি আশ্বাস প্ৰদান মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ ।

তিৱা পৰিষদলৈ পৰ্যাপ্ত পুঁজি আগবঢ়াব চৰকাৰে

আনহাতে, পৰিষদত প্ৰথমবাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য ৰূপে দায়িত্ব লৈ কাৰ্যলয়ত আনুষ্ঠানিকভাৱে প্ৰবেশ কৰাৰ পিছতে জীৱন চন্দ্ৰ কোঁৱৰে সকলোকে পৰিষদৰ কাম-কাজত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত কয় যে, পৰিষদৰ বন্ধ হৈ থকা ধন মোকলাই দিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৷ লগতে প্ৰতিটো পৰিষদীয় সমষ্টিৰ উন্নয়নৰ বাবে পাঁচ কোটিকৈ পুঁজি আৱন্টন দিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

লগতে পঢ়ক : সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

Last Updated : Jan 7, 2021, 7:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.