ETV Bharat / state

Minister Pijush Hazarika : মৈৰাবাৰীৰ ভজাইখাইতিত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By

Published : Aug 7, 2023, 6:04 PM IST

মৰিগাঁও জিলাৰ মৈৰাবাৰী ভজাইখাইতিত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ ডিচেম্বৰ-জানুৱাৰীত ইয়াৰ স্থায়ী সমাধানৰ বাবে বিভাগৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে অৱগত কৰে ৷

Pijush Hazarika Visited to Erosion of Moirabari
মৈৰাবাৰীৰ ভজাইখাইতিত মন্ত্ৰী পীযুষ হাজৰীকা

ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ধিং, 7 আগষ্ট : মৰিগাঁও জিলাৰ মৈৰাবাৰী ভজাইখাইতিত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া ৷ ভয়ংকৰ ৰূপত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াগ্ৰস্ত এলেকা সোমবাৰে পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মৰিগাঁও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি বৃহৎ দল লগত এটাই ভজাইখাইতিৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

উল্লেখ্য যে, এই অঞ্চলৰ মূল মথাউৰিটো ব্ৰহ্মপুত্ৰই খহাই নিয়াৰ দৃশ্যই এতিয়া সকলোকে আতংকিত কৰি তুলিছে ৷ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক খহনীয়া ৰোধৰ বাবে এই অঞ্চলত দিনে-নিশাই কাম চলাই নিবলৈ নিৰ্দেশ দিয়ে ৷ খহনীয়া ৰোধৰ বাবে বৰ্তমান চাৰি হেজাৰ জিঅ' বেগ যোগান ধৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে ৰাইজক অৱগত কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, ডিচেম্বৰ-জানুৱাৰীত ইয়াৰ স্থায়ী সমাধানৰ বাবে বিভাগৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷

সদ্যহতে খহনীয়া ৰোধৰ বাবে দিনে ৰাতিয়ে কাম কৰি থকা হৈছে বুলি কয় মন্ত্ৰীজনে ৷ পানী যাতে বাহিৰ হ’ব নোৱাৰে তাৰ বিকল্প হিচাপে আন এটা অতিৰিক্ত মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷ গতিকে আতংকিত হোৱাৰ কাৰণ নাই বুলি তেওঁ শংকিত নৈপৰীয়া ৰাইজক আশ্বাস দিয়ে ৷ ধব্বনি দিয়ে ৷

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খহনীয়াত ইতিমধ্যে ৪০ টা পৰিয়াল গৃহহীন হৈছে ৷ ইতিমধ্যে বহু পৰিয়ালে নিজৰ নিজৰ ঘৰ-বাৰী ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱা পৰিলক্ষিত হৈছে ৷ মৰিগাঁও জিলাৰ জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে জিঅ’ বেগ স্থাপনৰ কাম কৰিছে যদিও খহনীয়াৰ প্ৰকোপ কমা নাই ৷ শ শ শ্ৰমিকে খহনীয়া স্থলীত জিঅ’ বেগৰ ভিতৰত মাটি ভৰাই স্থাপন কৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিৰোধ হোৱা নাই খহনীয়া ৷

লগতে পঢ়ক : Eviction Notice at Darangamela : উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী দৰঙাবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.