ETV Bharat / state

ডাষ্টবিনলৈ পৰিণত পদুম পুখুৰী

author img

By

Published : Oct 25, 2020, 2:21 PM IST

মৰিগাঁৱত সৌন্দৰ্য বৰ্ধনৰ নামত পৰিত্যক্ত পদুম পুখুৰী । জাৱৰ-জোথৰ পেলোৱা নৰ্দমালৈ পৰ্যবসিত ঐতিহ্যমণ্ডিত মৰিগাঁৱৰ পদুম পুখুৰী ৷

Lotus pond become dirty in morigaon assam etv bharat news
পৰিত্যক্ত পদুম পুখুৰী

মৰিগাঁও,25 অক্টোবৰ: মৰিগাঁও পৌৰসভাৰ অধীনষ্ঠ এটা পুখুৰী ৷ সৌন্দৰ্য বৰ্ধনৰ বাবে খন্দা হৈছিল পুখুৰীটো ৷ এসময়ত পদুম ফুলেৰে জকমকাই থকা এই পুখুৰীটো সংৰক্ষণৰ অৰ্থে নামাকৰণ কৰা হৈছিল পদুম পুখুৰী হিচাপে । ইয়াৰ বাবে বহু আঁচনিৰো অনুমোদন হৈছিল । কিন্তু ইয়াৰ পিছতো উন্নয়ন নহ’ল পুখুৰীটোৰ ৷

শেহতীয়াকৈ বিজেপি চৰকাৰৰ আমোলাত এই পুখুৰীটো আধুনিকীকৰণৰ বাবে এক কোটি টকীয়া আঁচনি অনুমোদন কৰা হৈছে ৷ এই আঁচনিৰ অধীনত কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল কোনো কাম ৷ এই প্ৰসংগত উত্থাপিত অভিযোগ অনুসৰি জনৈক বৰা উপাধিৰ এজন ঠিকাদাৰৰ হেমাহি তথা উদাসীনতাৰ বাবে সম্প্ৰতি এনেদৰে পৰিত্যক্ত অৱস্থাত আছে পুখুৰীটো ৷

Lotus pond become dirty in morigaon assam etv bharat news
পৰিত্যক্ত পদুম পুখুৰী

উল্লেখ্য যে, মৰিগাঁৱৰ ভিআইপি ৰোডৰ সমীপত থকা এই পুখুৰীটো শেহতীয়াকৈ পৰিণত হৈছে জাৱৰস্থলীলৈ ৷ একাংশ দুষ্ট লোকে নিশাৰ ভাগত সুৰাপান কৰি এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পুখুৰীটোত পানী আৰু সুৰাৰ বটল দলিয়াই দৃষ্টি কটু কৰি তুলিছে পুখুৰীটোৰ সৌন্দৰ্য্য ৷

লগতে চাওকঃ ঐক্যৰ বাৰ্তাবাহক বঢ়মপুৰৰ এখন বিশেষ পূজা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.