ETV Bharat / state

Lok Kalyan Divas: মৰিগাঁৱত লোক কল্যাণ দিৱস পালন

author img

By

Published : Aug 5, 2023, 7:59 PM IST

Lok Kalyan Divas observed in Morigaon
মৰিগাঁৱত লোক কল্যাণ দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিৱস পালন । বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো পালন কৰা হয় অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ স্মৃতিত লোক কল্যাণ দিৱস । এই অনুষ্ঠানতে মৰিগাঁও জিলা পশু পালন আৰু চিকিৎসা বিভাগৰ সহযোগী পুৰ্ণ চন্দ্ৰ হাজৰিকাক প্ৰদান কৰা হয় লোক সেৱা বঁটা ।

মৰিগাঁৱত লোক কল্যাণ দিৱস পালন

মৰিগাঁও,৫ আগষ্ট: আজি অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিৱস । ৰাজ্যজুৰি পালন কৰা হৈছে বৰদলৈৰ মৃত্যু দিৱসটি । ৰাজ্যৰ চুকে-কোণে স্মৰণ কৰা হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীক । ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি পালন কৰা হয় লোক কল্যাণ দিৱস হিচাপে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁৱতো লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্য তিথিৰ উপলক্ষে পালন কৰা হয় লোক কল্যাণ দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি এজন লোকক প্ৰদান কৰা হয় লোক সেৱা বঁটা । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে লোক কল্যাণ দিৱসটি পালন কৰা হয় ।

উক্ত অনুষ্ঠানত লোক সেৱা বঁটা প্ৰদান কৰা হয় মৰিগাঁও জিলা পশু পালন আৰু চিকিৎসা বিভাগৰ সহযোগী পুৰ্ণ চন্দ্ৰ হাজৰিকাক ৷ বঁটা প্ৰদানৰ পিছতে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মন্তব্য আগবঢ়াই যে, বঁটা প্ৰাপ্ত হাজৰিকাই বিশেষ কৈ ক'ভিড কালত যি সেৱা আগবঢ়ালে সেইয়া সঁচাকৈ আদৰণীয় ।

আনহাতে বঁটা প্ৰাপ্ত পূৰ্ণ হাজৰিকাই কয় যে, পশুধনৰ সমস্যা হ'লে তেওঁ নিশা যিকোনো সময়তে শোৱাপাটীৰ পৰা উঠি গৈ সেৱা আগঢ়াইছিল । তেওঁ উল্লেখ কৰে যে "কৰ্ম কৰিলে ফল পাবই" এই কথা সৰোগত কৰি তেওঁ সেৱা আগবঢ়াইছিল । অৱশেষত তেওঁ তেওঁৰ কৰ্মৰ ফল লাভ কৰিলে । এই বঁটা গ্ৰহণ কৰি তেওঁ যথেষ্ট সুখী বুলি ব্যক্ত কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত দেবাশীষ শৰ্মা, তিৱা স্বায়ত্ব পৰিষদৰ চি ই এম জীৱন চন্দ্ৰ কোঁৱৰ, জিলা পশু চিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতিৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি ৷ শনিবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা লোক সেৱা দিৱসটি সফল কৰি তোলাৰ বাবে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: Protest against FCI: ভাৰতীয় খাদ্য নিগমৰ গুদাম বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.