ETV Bharat / state

Protest against FCI: ভাৰতীয় খাদ্য নিগমৰ গুদাম বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Aug 5, 2023, 7:12 PM IST

দেৰগাঁৱৰ ৫০০ টা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । সংস্থাপন হেৰুওৱাৰ শংকাই খেদিছে দেৰগাঁৱৰ ৫ শতাধিক পৰিয়ালক । দেৰগাঁৱৰ স্বাভিমান স্বৰূপ ভাৰতীয় খাদ্য নিগমৰ গুদাম বন্ধ কৰাক লৈ শংকিত হৈ পৰিছে দেৰগাঁওবাসী । শনিবাৰে ভাৰতীয় খাদ্য নিগম বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক আৰু দেৰগাঁৱবাসীয়ে ।

Protest against closure of FCI godown in Dergaon
ভাৰতীয় খাদ্য নিগমৰ গুদাম বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ভাৰতীয় খাদ্য নিগমৰ গুদাম বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

যোৰহাট,৫ আগষ্ট: গৰজি উঠিছে দেৰগাঁওবাসী । কিয়নো সংস্থাপনৰ সংকটত পৰিছে দেৰগাঁৱৰ একাংশ লোক । ১৯৭৭ চনতে স্থাপিত কৰা হৈছিল দেৰগাঁওবাসীৰ স্বাভিমান, দেৰগাঁওবাসীৰ অহংকাৰ ভাৰতীয় খাদ্য নিগমৰ এটা গুদাম । ভাৰতীয় খাদ্য নিগমৰ এটা গুদামটোৱেই দেৰগাঁৱৰ এক মাত্ৰ সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈছিল ।

দেৰগাঁৱৰ বহু পৰিয়াল নিৰ্ভৰশীল হৈ পৰিছিল এই গুদামটোৰ সৈতে । পিছে কিছুদিন পূৰ্বে উক্ত প্ৰতিষ্ঠানটো বন্ধ কৰি দিছে ভাৰতীয় খাদ্য নিগমে । কাৰণ ভাড়াক লৈ গুদাম পক্ষ আৰু ভাৰতীয় খাদ্য নিগম মাজত সৃষ্টি হৈছে বিবাদ । যাৰ পৰিপ্ৰেক্ষিতত অৰ্থাৎ খাদ্য নিগম আৰু গুদাম কৰ্তৃপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা বাবে জীৱন-জীৱিকা প্ৰতি ঘোৰ অমানিশা নামি আহি পৰিছে প্ৰায় ৫০০ তকৈ অধিক পৰিয়ালৰ মাজলৈ ।

সেয়ে, ভাৰতীয় খাদ্য নিগম কৰ্তৃপক্ষ হঠকাৰী সিদ্ধান্ত বিৰুদ্ধে শনিবাৰে দেৰগাঁওবাসী ৰাইজ আৰু উক্ত গুদামঘৰত কৰ্মৰত শ্ৰমিক আৰু ট্ৰাক মালিক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । হঠাৎ বন্ধৰ নিৰ্দেশনাৰ যি ব্যৱস্থা ভাৰতীয় খাদ্য নিগমে গ্ৰহণ কৰিছে সেই ব্যৱস্থা শীঘ্ৰ প্ৰত্যাহাৰ নকৰিলে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু খুমটাই সমষ্টি বিধায়ক মৃণাল শইকীয়াৰ হস্তক্ষেপ কামনা কৰে কৰ্মৰত শ্ৰমিকসকলৰ লগতে দেৰগাঁওবাসী ৰাইজে । কাৰণ এফ চি আই গুদাম বন্ধ হৈ পৰিলে চিৰদিনৰ বাবে প্ৰায় ৫০০ টা পৰিয়াললৈ চিৰকালৰ বাবে ঘোৰ অন্ধকাৰ নামি পৰিব ।

উল্লেখ্য যে উক্ত এফ চি আই গুদামৰ পৰাই কহুৰা,মহুৰা,কাজিৰঙা লগতে বিভিন্ন সমবায় লৈ চৰকাৰী সুলভ মুল্য চাউল যোগান ধৰা হয় । ভাৰতীয় খাদ্য নিগমৰ গুদামটো বন্ধ হৈ পৰিলে চৰকাৰী সুলভ মুল্য চাউল যোগানতো যথেষ্ট বাধা আহি পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । সেয়ে এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰাৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: Syndicate in Assam: অসম কোনো ছিণ্ডিকেট নাই; ভূৱনেশ্বৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.