ETV Bharat / state

NCLTৰ বিৰুদ্ধে সৰৱ নগাঁও কাগজ কলৰ কৰ্মচাৰী

author img

By

Published : Oct 9, 2020, 4:15 PM IST

চৰকাৰৰ বিৰুদ্ধে নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰ সংবাদ মেল। তাৰোপৰি বাৰে বাৰে NCLT য়ে কাগজ কল গোচৰৰ শুনানিৰ দিন পিচুৱাই থকা বুলি অভিযোগ কৰে ৷ ইতিমধ্যে তিনিবাৰকৈ পিছুওৱা হৈছে শুনানিৰ তাৰিখ ৷ ইতিমধ্যে NCLTৰ এই ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে কাগজ কল কৰ্মচাৰী সকলে ৷

 NCLT ৰবিৰুদ্ধে সৰব নগাঁও  কাগজ কলৰ কৰ্মচাৰী
NCLT ৰবিৰুদ্ধে সৰব নগাঁও কাগজ কলৰ কৰ্মচাৰী

মৰিগাঁও, 9অক্টোবৰ : শুকুৰবাৰে নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে এখন সংবাদ মেল সম্বোধন কৰে। উক্ত সংবাদ মেলত NCLT য়ে বাৰে বাৰে ৰাজ্যৰ কাগজ কলৰ দুটাৰ শুনানিক লৈ ৰাজনীতি কৰা বুলি গুৰুত্বপূৰ্ণ অভিযোগ কৰে কৰ্মচাৰী সকলে। ইফালে সংবাদ মেলত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অভিসন্ধি পতা বুলি ৰাজ্য চৰকাৰক কটাক্ষ কৰে ।

 NCLT ৰবিৰুদ্ধে সৰব নগাঁও  কাগজ কলৰ কৰ্মচাৰী
NCLT ৰবিৰুদ্ধে সৰব নগাঁও কাগজ কলৰ কৰ্মচাৰী

তাৰোপৰি বাৰে বাৰে NCLT য়ে কাগজ কল গোচৰৰ শুনানিৰ দিন পিচুৱাই থকা বুলি অভিযোগ কৰে ৷ ইতিমধ্যে তিনিবাৰকৈ পিছুওৱা হৈছে শুনানিৰ তাৰিখ ৷ ইতিমধ্যে NCLTৰ এই ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে কাগজ কল কৰ্মচাৰী সকলে ৷
এইবাৰ পুনৰ ২১ অক্টোবৰৰ শুনানিৰ দিন ধাৰ্য কৰিছে NCLT য়ে ৷ পিছে বাৰে বাৰে কিয় পিছুৱাই দিয়া হৈছে এই শুনানিৰ দিন বাৰ ? অসমৰ দুটাকৈ বৃহৎ উদ্যোগৰ বেলিকা কিয় এনে স্থিতি লৈছে NCLT য়ে ? চৰকাৰী ষড়যন্ত্ৰ নিহিত হৈ আছে নেকি সমগ্ৰ বিষয়টোত ? এনে বহু প্ৰশ্নৰ উদয় হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ মাজত ৷ যিহেতু ২০২১ৰ বিধানসভা নিৰ্বাচন সমাগত,সেয়ে এনেদৰে শুনানিৰ দিন পিছুৱাই নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ চেষ্টা চলোৱাৰ সন্দেহ Joint Action Committee of Recognized Union ৰ সভাপতি মানবেন্দ্ৰ চক্ৰবৰ্ত্তীৰ ৷ শুনানিৰ দিন পিছুৱাই যোৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে কাগজ কল পুনৰুজ্জীৱিত কৰিবলৈ লোৱা এমাহৰ সময়ো উকলিবলৈ গৈ আছে ৷ এই সন্দৰ্ভত জাগীৰোডত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ NCLTয়ে পুনৰ নিৰ্ধাৰণ কৰা ২১ অক্টোবৰৰ শুনানিৰ পূৰ্বে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

আনহাতে ২০১৪ চনৰ পৰা ২০১৮ চনলৈ বন্ধ হৈ থকা কাগজ কলৰ নামত মুকলি কৰি দিয়া ৪,১৪১ কোটি টকাৰ CBI তদন্তৰ দাবী জনায় Joint Action Committee of Recognized Union য়ে ৷ লগতে কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ নামতো ১০০ কোটি টকা মোকলাই দিয়া হৈছে বুলি সাংসদ কুইন ওজাই জনোৱাৰ বিপৰীতে আজিলৈ এটাকাও লাভ কৰা নাই কাগজ কলৰ কৰ্মচাৰীয়ে ৷ সেয়ে এই বৃহৎ ধনৰাশি কলৈ গ’ল তাৰো CBI তদন্তৰ দাবী জনাইছে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.