ETV Bharat / state

মৰিগাঁৱত তামোলৰ উদ্যোগত অগ্নিকাণ্ড

author img

By

Published : Apr 8, 2021, 8:56 PM IST

মৰিগাঁৱত তামোলৰ উদ্যোগত অগ্নিকাণ্ড
মৰিগাঁৱত তামোলৰ উদ্যোগত অগ্নিকাণ্ড

মৰিগাঁও-নগাঁও সীমান্তৱতী মণিপুৰটুপ কুহিগুৰিত বিধংসী অগ্নিকাণ্ড সংঘটিত । তামোল সিজোৱাৰ চৌকাৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

মৰিগাঁও,8 এপ্ৰিলঃ মৰিগাঁও নগাঁও জিলাৰ সীমান্তৱতী মনিপুৰটুপ কুহিমাৰী গাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত ৷ চফিকুল ইছলাম নামৰ লোকজন তামোলৰ উদ্যোগত এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ ছফিকুলে ৰহাত থকাৰ সময়তে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ কেছা তামোল সিজাই থকাৰ অৱস্থাতে এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি মন্তব্য কৰিছে ছফিকুল ইছলামে ৷

উল্লেখযোগ্য যে, মৰিগাঁও আৰু ৰহাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থনাস্থলীত উপস্থিত হোৱা লৈকে সকলো জুইৰ লেলিহান শিখাই নিঃশেষ কৰি পেলাই ছফিকুলৰ তামোলৰ উদ্যোগৰ লগতে বাসগৃহ। এই বিধংসী অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ তামোলৰ লগতে ঘৰুৱা সা সামগ্ৰীৰ ভষ্মীভূত হয় বুলি জনাই ছফিকুলে ।

লগতে পঢ়কঃ ৰিক্সা চালকৰ ঘৰত অমিত শ্বাহৰ আহাৰ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.