ETV Bharat / state

কলঙৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে মৰিগাঁওবাসীলৈ

author img

By

Published : Sep 28, 2020, 1:24 PM IST

মৰিগাঁৱত কলঙৰ খহনীয়াৰ ভয়ংকৰ ৰূপ ৷ বিপদ মাতিছে মৰিগাঁও-ধৰমতুল সংযোগী গড়কাপ্তানি পথলৈ । কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ । চূড়ান্ত অৱহেলা মৰিগাঁও জিলা প্ৰশাসনৰ । পথৰ ওপৰত বাঁহ বান্ধি ৰাইজে বাধা আৰোপ কৰিছে গধুৰ যান-বাহনৰ চলাচল ৷

Erosion at morigaon assam etv bharat news
খহনীয়াৰ ভয়ংকৰ ৰূপ

মৰিগাঁও,28 ছেপ্তেম্বৰ: মৰিগাঁৱত কলং নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে সাধাৰণ ৰাইজলৈ ৷ দীৰ্ঘদিনে অব্যাহত থকা কলঙৰ খহনীয়াৰ ফলত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে মৰিগাঁও-ধৰমতুল সংযোগী গড়কাপ্তানি পথটো ৷ পথটোৰ আৰু মাত্ৰ কিছু অংশ খহিলেই ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব জিলাখনৰ দমাল, চৰাইহাগীকে ধৰি বহুকেইখন গাঁৱৰ বাসিন্দা ৷ উপায়বিহীন ৰাইজে সোমবাৰে পুৱা নৈৰ পাৰলৈ আহি কৰযোৰে জলদেৱতাক স্মৰণ কৰি সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰে ৷

খহনীয়াৰ ভয়ংকৰ ৰূপ

ইয়াৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰাত ব্যস্ত হৈ আছে জিলাখনৰ জলসম্পদ বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকল ৷ তদুপৰি জিলা প্ৰশাসনে এই বিষয়ত গ্ৰহণ কৰা নীৰৱ ভূমিকাৰ ফলত হতাশাগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসী ৷ অনতি পলমে বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অঞ্চলটো জাহ যাব কলঙৰ বুকুত ৷ সম্প্ৰতি সাম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলবাসীয়ে পথটো বাঁহেৰে বন্ধ কৰি গধুৰ যান-বাহনৰ চলাচলত বাধা প্ৰদান কৰিছে ৷

লগতে চাওকঃ বাইহাটা চাৰিআলিত শোকাবহ পথ দুৰ্ঘটনাত নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.