ETV Bharat / state

মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : May 26, 2021, 8:34 PM IST

মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

বুধবাৰে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মৰাণৰ নেতৃত্বত এটা দলে দিনৰ ১২ বজাত হাতীমূৰীয়া ছাগলতলা চাৰিআলিৰ ওচৰতে থকা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামৰ ঘৰত অভিযান চলায় ৷ অভিযানকালত ৭৭ গ্ৰাম ড্ৰাগছ ভৰ্তি ৫৯ টা কন্টেইনাৰ আৰু ১৭০ টা খালি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

ধিং, 26 মে’: ৰাজ্যত এফালে ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ তাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ সৰহবৰাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বিগত কিছু দিনৰ পৰা বহু সংখ্যক ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ কৰাল গ্ৰাসৰ পৰা মৈৰাবাৰীক ৰক্ষা কৰিবলৈ মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আভিযান অব্যাহত ৰাখিছে ৷

মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

তাৰ মাজতে বুধবাৰে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মৰাণৰ নেতৃত্বত এটা দলে দিনৰ ১২ বজাত হাতীমূৰীয়া ছাগলতলা চাৰিআলিৰ ওচৰতে থকা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামৰ ঘৰত অভিযান চলায় ৷ অভিযানকালত ৭৭ গ্ৰাম ড্ৰাগছ ভৰ্তি ৫৯ টা কন্টেইনাৰ আৰু ১৭০ টা খালি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

ইপিনে আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম পলায়ন কৰিবলৈ সক্ষম হয় যদিও ব্যৱসায়ী জনৰ পত্নীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

মন কৰিবলগীয়া যে, এই দম্পতীহালে বহু দিনৰ পৰাই এনে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বেহা চলাই অঞ্চলটোত এক অশান্তিৰ পৰিবেশৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ।

সম্প্ৰতি মৈৰাবাৰী আৰক্ষীৰ এনে সফলতাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে । একেদৰে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সাংবাদিকৰ আগত মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি সদৰি কৰে ৷

লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.