ETV Bharat / state

মৰিগাঁৱত পৃথকে পৃথকে আটক জুৱাৰী-ড্ৰাগছ সৰৱৰাহকাৰী

author img

By

Published : Mar 31, 2022, 9:40 PM IST

drug-peddler-gamblers-arrested-in-morigaon
মৰিগাঁৱত জুৱাৰীসহ নিষিদ্ধ ড্ৰাগছ সৰৱৰাহকাৰী আটক

নৱপ্ৰজন্মৰ অধিকাংশই পৰিছে নিচাযুক্ত সামগ্ৰীৰ কবলত ৷ যাক নিৰ্মূল কৰাৰ উদ্দেশ্যৰে প্ৰত্যেকদিনাই অসম আৰক্ষীয়ে নিৰন্তৰ অভিযান চলাই গৈছে ৷ শেহতীয়াকৈ লাহৰীঘাট আৰক্ষী আৰু মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই জুৱাৰীসহ নিষিদ্ধ ড্ৰাগছ সৰৱৰাহকাৰী আটক কৰে (Drug peddler arrested by Laharighat Police) ৷

ধিং, 31 মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ শেহতীয়াকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Drug peddler arrested by Laharighat Police) ৷

বৃহস্পতিবাৰে দুপৰীয়া এক গোপন সূত্ৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বজাৰৰ ওচৰত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে এটা বেগৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এটা মোবাইল আৰু এখন বাইক জব্দ কৰে (Drug seized in Morigaon) ৷

মৰিগাঁৱত জুৱাৰীসহ নিষিদ্ধ ড্ৰাগছ সৰৱৰাহকাৰী আটক

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে, বটদ্ৰৱাৰ শ্বৰিফুল ইছলাম আৰু ৰামপুৰ সত্ৰৰ হবিবুৰ ৰহমান বুলি আৰক্ষীয়ে জনায় ৷ ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক মৰিগাঁও জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

ইফালে, মৈৰাবাৰী আৰক্ষীয়ে ৰে’লৱে কলনীৰ কাষতে থকা জম ঘৰত তালাচী চলাই তিনিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা তিনি জুৱাৰী ক্ৰমে, হবিবুৰ ৰহমান জীয়াবুৰ ৰহমান আৰু জানাৰুল ইছলাম বুলি জানিব পৰা গৈছে (Gamblers arrested by Moirabari Police) ৷ ইতিমধ্যে এই জুৱাৰী তিনিজনকো জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : মাজুলীৰ ভকতচাপৰিত খহনীয়াৰ কালৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.