ETV Bharat / state

Cyber Criminal arrested: পুনৰ মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 12:54 PM IST

পুনৰ মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী
পুনৰ মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

চাইবাৰ অপৰাধীৰ ঘাটি উৎখাতৰ লক্ষ্য অসম আৰক্ষীৰ ৷ পুনৰ মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে অপৰাধীটোৰ পৰা বহু আপত্তিজনক নথি-পত্ৰৰ লগতে উত্তৰ লখিমপুৰ আয়ুক্তৰ ভুৱা ছীল-মোহৰ জব্দ কৰে ৷

মৰিগাঁও, 5 নৱেম্বৰ : ৰাজ্যত চাইবাৰ অপৰাধীৰ দপদপনি ৷ ক্ৰমাৎ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে মধ্য অসম ৷ ইয়াৰ পিচতেই চাইবাৰ অপৰাধীৰ ঘাটি উৎখাতৰ লক্ষ্য অসম আৰক্ষীৰ ৷ মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত মোক্ষম আঘাত অসম আৰক্ষীৰ ৷ মধ্য অসমত দিনক দিনে বৃদ্ধি হৈছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে মৰিগাঁও আৰক্ষীয়ে ৷ বিগত দিনত নগাঁও, মৰিগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ হৈছে শতাধিক চাইবাৰ অপৰাধী ৷

Cyber Criminal arrested in Morigaon
আপত্তিজনক নথি-পত্ৰৰ লগতে উত্তৰ লখিমপুৰ আয়ুক্তৰ ভুৱা ছীল-মোহৰ জব্দ

শনিবাৰে পুনৰ মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে অপৰাধীটোৰ পৰা বহু আপত্তিজনক নথি-পত্ৰৰ লগতে উত্তৰ লখিমপুৰ আয়ুক্তৰ ভুৱা ছীল-মোহৰ জব্দ কৰা হৈছে ৷

ঘটনা বিৱৰণীৰ অনুসৰি, মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলোৱা অভিযানৰ ফলস্বৰূপে দীৰ্ঘদিন মৰিগাঁও আৰক্ষীৰ চকুত ধূলি দি চাইবাৰ অপৰাধ চলাই থকা অপৰাধীটোক শনিবাৰে হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীয়ে । মৰিগাঁও লাহৰীঘাটত‌ আৰক্ষীৰ জালত পৰা ধৃত চাইবাৰ অপৰাধীৰ পৰা বহুতো আপত্তিজনক অবৈধ সামগ্ৰীৰ লগতে উত্তৰ লখিমপুৰ আয়ুক্তৰ ছীল-মোহৰ, ভুৱা পান কাৰ্ড, আধাৰকাৰ্ড জব্দ কৰা হৈছে ।

গ্ৰেপ্তাৰ হোৱা ধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজাহিদুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি মৰিগাঁও আৰক্ষী জিম্মাত থকা অপৰাধীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷ লগতে জব্দ কৰা ভুৱা নথি-পত্ৰৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক: Cyber crime in Assam: মধ্য অসমত সক্ৰিয় চাইবাৰ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.