ETV Bharat / state

Cyber crime in Assam: মধ্য অসমত সক্ৰিয় চাইবাৰ অপৰাধী

author img

By

Published : Aug 11, 2023, 8:26 PM IST

cyber criminal increases in Middle Assam
মধ্য অসমত সক্ৰিয় চাইবাৰ অপৰাধী

সাৱধান ! ৰাজ্যত পিয়াপি দি ফুৰিছে চাইবাৰ অপৰাধীয়ে ৷ মুহুৰ্ততে আপোনাৰ একাউণ্টৰ পৰা অন্তৰ্ধান হ’ব বৃহৎ পৰিমানৰ ধন ৷ বিশেষকৈ মধ্য অসমত এতিয়া যেন ঘৰে ঘৰে চাইবাৰ অপৰাধী ৷ ধন ঘটাৰ সহজ উপায়লৈ পৰিণত হৈছে চাইবাৰ অপৰাধ ৷

মধ্য অসমত সক্ৰিয় চাইবাৰ অপৰাধী

নগাঁও, 11 আগষ্ট : এইবাৰ চাইবাৰ অপৰাধীৰ ঘাটি উৎখাতৰ লক্ষ্য অসম আৰক্ষীৰ ৷ মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত মোক্ষম আঘাত অসম আৰক্ষীৰ ৷ মধ্য অসমত দিনক দিনে বৃদ্ধি হৈছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷

চাইবাৰ অপৰাধীৰ ঘাটি হৈ পৰা মধ্য অসমত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে মৰিগাঁও আৰক্ষীয়ে ৷ বিগত দিনত নগাঁও, মৰিগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ হৈছে 88 টাকৈ চাইবাৰ অপৰাধী ৷ অপৰাধীকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে 6 হাজাৰৰো অধিক ছিম কাৰ্ড লগতে বিভিন্নজনৰ একাউণ্টৰ পৰা হৰলুকি কৰা বৃহৎ পৰিমাণৰ ধন ৷

বৃহস্পতিবাৰে নিশা নগাঁও আৰক্ষীয়ে জিলাখনৰ উৰিগাঁৱৰ এটা ভাড়াঘৰৰ পৰা 3 টাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মৰিগাঁও আৰক্ষীৰ ভয়ত নগাঁও জিলাত আশ্ৰয় লোৱা তিনি চাইবাৰ অপৰাধী হৈছে আনছাৰউদ্দিন আহমেদ, ইলিয়াছ আহমেদ, আৰু আজহাৰুল ইছলাম ৷ নিজকে ছাত্ৰ বুলি পৰিচয় দি নগাঁৱত বাহৰ পাতিছিল তিনি অপৰাধীয়ে ৷ ধৃত চাইবাৰ অপৰাধী কেইটাৰ পৰা আৰক্ষীয়ে ৫ টা Iphone সহ, ১৬ টা মোবাইল ফোন আৰু লগতে উদ্ধাৰ কৰিছে ১৫০ খনৰো অধিক ছিম কাৰ্ড ৷

সহজ উপায়েৰে বহুজনৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি সৰ্বস্বান্ত কৰি আহিছিল এইসকল চাইবাৰ অপৰাধীয়ে৷ মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে সমীৰণ বৈশ্যই যোগদান কৰাৰ পিচৰে পৰাই চাইবাৰ অপৰাধীৰ বাবে ত্ৰাসৰ অন্য নাম হৈ পৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

বিষয়াগৰাকীয়ে বিগত দিনসমূহত ধাৰাবাহিকভাৱে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ চাইবাৰ অপৰাধীৰ ঘাটি সম্পূৰ্ণ উৎখাত নোহোৱা পৰ্যন্ত মৰিগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷

লগতে পঢ়ক: Cyber criminal detained: নগাঁও আৰক্ষীৰ জালত তিনি দুধৰ্ষ চাইবাৰ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.