ETV Bharat / state

জাগীৰোড কাগজ কলৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 7, 2020, 7:18 PM IST

বুধবাৰৰ দিনটোত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ ৷ মৰিগাঁৱতো জাগীৰোড কাগজ কলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে দলটোৰ বহুকেইগৰাকী জ্যেষ্ঠ-কণিষ্ঠ নেতাই ৷

Congress protest in front of jagiroad paper mill morigaon assam etv bharat news
কংগ্ৰেছৰ প্ৰতিবাদ

মৰিগাঁও,7 অক্টোবৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত মৰিগাঁও জিলা কংগ্ৰেছ আৰু জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বিজেপিৰ ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বুধবাৰৰ দিনটোত মৰিগাঁৱৰ জাগীৰোড কাগজ কলৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দল কংগ্ৰেছে ৷ মূলতঃ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ নেতসকলে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,সাংসদ গৌৰৱ গগৈ,প্ৰদ্যুৎ বৰদলৈ,বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক নজৰুল ইছলাম,নুৰুল হুদাকে ধৰি বহু কেইগৰাকী কংগ্ৰেছী নেতা-বিধায়ক ৷ কাৰ্যসূচীৰ আৰম্ভণিতে এক সমদল বাহিৰ কৰে প্ৰতিবাদকাৰীসকলে ৷ বুধবাৰে জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় 50 গৰাকী বিভিন্ন দল-সংগঠনৰ যুৱকে কংগ্ৰেছত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে জাগীৰোড মণ্ডল কংগ্ৰেছৰ নেতৃবৰ্গই ৷

লগতে চাওকঃ আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.