ETV Bharat / state

মৰিগাঁও গেৰুৱাত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Apr 8, 2021, 1:11 PM IST

মৰিগাঁও গেৰুৱাত বিধ্বংসী অগ্নিকাণ্ড
মৰিগাঁও গেৰুৱাত বিধ্বংসী অগ্নিকাণ্ড

মৰিগাঁও গেৰুৱাত বিধ্বংসী অগ্নিকাণ্ড । নিমিষতে জুইত জাহ গ'ল দুখনকৈ দোকান । অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক শ্বট চাৰ্কিট বুলি জানিব পৰা গৈছে ।

মৰিগাঁও, 8 এপ্ৰিল : মৰিগাঁৱৰ গেৰুৱাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড ৷ বুধবাৰে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত দুখনকৈ দোকান নিমিষতে জাহ যায় ৷ ভূৰাগাঁও থানাৰ অন্তৰ্গত গেৰুৱা চাৰিআলিৰ সমীপৰ নৰেশ্বৰ ৰজা নামৰ লোক জনৰ ঘৰৰ সন্মুখত থকা দোকানৰ পৰা সংঘটিত হয় অগ্নিকাণ্ডটো ৷

মৰিগাঁও গেৰুৱাত বিধ্বংসী অগ্নিকাণ্ড

জুইৰ ফলত দুখনকৈ দোকান জাহ যায় যদিও অগ্নি নিৰ্বাপক বাহিনী আৰু অঞ্চলৰ ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় আৰু অগ্নিকাণ্ড পৰা ৰক্ষা পৰে অঞ্চলটো ৷ অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক মূল্যৰ সামগ্ৰী ভষ্মীভূত হোৱাৰ আশংকা কৰে স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে, বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : জনীয়াত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.