ETV Bharat / state

আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

author img

By

Published : Jun 4, 2021, 5:12 PM IST

Updated : Jun 4, 2021, 5:31 PM IST

দীৰ্ঘদিনীয়া তৰ্ক-বিতৰ্কৰ অন্ত পেলাই অৱশেষত নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় কাকতত প্ৰকাশ পালে বিজ্ঞাপন ৷ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনত ‘ৰিজাৰ্ভ প্ৰাইজ’ নিৰ্ধাৰণ কৰা হৈছে ১,১৩৯ কোটি টকা ।‌‌ প্ৰকাশিত বিজ্ঞাপন অনুসৰি ৩০ জুনত অনুষ্ঠিত হ'ব নিলাম । পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ'ব ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ ।

auctioning process
আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

নিউজ ডেস্ক, ৪ জুন : বহু বিতৰ্ক, আন্দোলনৰ অন্তত আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া । চৰকাৰী প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰি‌ অৱশেষত হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ অধীনস্থ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় কাকতত মঙলবাৰে প্ৰকাশ পালে বিজ্ঞাপন ৷ উল্লেখ্য যে, ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান হিচাপে এই কাগজ কল দুটা পুনৰুদ্ধাৰৰ বাবে কৰ্মচাৰী সংগঠনসমূহৰ উপৰিও ৰাজ্যৰ গণতান্ত্ৰিক দল-সংগঠনসমূহে দাবী উত্থাপন কৰিছিল আৰু তাক লৈ বহু আন্দোলনো গঢ়ি উঠিছিল ।‌‌ কিন্তু তাৰ পিছতো নিলাম হ'বলৈ গৈ আছে কাগজ কল দুটা । হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনত ‘ৰিজাৰ্ভ প্ৰাইজ’ নিৰ্ধাৰণ কৰা হৈছে ১,১৩৯ কোটি টকা ।‌‌ প্ৰকাশিত বিজ্ঞাপন অনুসৰি ৩০ জুনত অনুষ্ঠিত হ'ব নিলাম । পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ'ব ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ ।

২০১৯ চনৰ মে' মাহত ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনত এই দুটা নিষ্ক্ৰিয় কাগজ কল তৰলীকৰণৰ নিৰ্দেশ দিছিল । পৰৱৰ্তী সময়ত অসম চৰকাৰে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ পৰা পুনৰুদ্ধাৰ পৰিকল্পনা দাখিল কৰিবলৈ সময় বিচাৰিছিল । কিন্তু পুনৰুদ্ধাৰ পৰিকল্পনা দাখিল কৰাত ব্যৰ্থ হয় অসম চৰকাৰ । আনহাতে বিনিয়োগকাৰীসকলৰ পৰা কোনো সঁহাৰি নোপোৱাত দুয়োটা মিলৰ ব্যক্তিগতকৰণৰ বাবে কৰা চৰকাৰৰ পৰিকল্পনাও বিফল হয় ।

উল্লেখ্য যে পূৰ্বে দুয়োটা কাগজ কলত ২ লাখ টন নিউজপ্ৰিণ্টৰ উৎপাদন হৈছিল কিন্তু দুৰ্বল ব্যৱস্থাপনা আৰু মূলধন হেৰুওৱাৰ বাবে ই বন্ধ হৈ গৈছিল । ইফালে পাঁচগ্ৰামৰ কাছাৰ কাগজ কলৰ উৎপাদন ২০১৫ চনত বন্ধ হোৱাৰ বিপৰীতে জাগীৰোডৰ নগাঁও কাগজ কলত ২০১৭ চনলৈকে উৎপাদন অব্যাহত আছিল । ২০১৭ চনৰ পৰাই দৰমহাৰ পৰা বঞ্চিত হৈ আছে দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকল ।

বিভিন্ন দল-সংগঠনে ইয়াকলৈ প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে বিৰোধী কংগ্ৰেছ দলেও বিজেপি চৰকাৰক এই কাগজ কল দুটা বিক্ৰী নকৰিবলৈ আহ্বান জনাই আহিছে । কাগজ কল বিক্ৰী সন্দৰ্ভত প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ লিখিছে এক বিশেষ পত্ৰ । সাংসদগৰাকীয়ে পত্ৰখনত উল্লেখ কৰা মতে কাগজ কল দুটাই অতীতত যথেষ্ট লাভাংশ দিবলৈ সক্ষম হৈছে । সুব্যৱস্থাপনাৰ জৰিয়তে কাগজ কল দুটা বিকশিত হ'ব আৰু অসমৰ নিবনুৱাসকলে ইয়াত নিযুক্তি লাভ কৰিব বুলিও আশাবাদী প্ৰাক্তন সাংসদগৰাকী ।

পাঁচগ্ৰামৰ কাছাৰ কাগজ কল হৈছে বৰাক উপত্যকাৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ । অসমৰ বৃহত্তৰ স্বাৰ্থত ইয়াৰ উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰা হ'ব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰে বাৰে আশ্বাস দি আহিছে । শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভাৰতৰ গৃহমন্ত্ৰীয়েও দুয়োটা কাগজ কল বচাবলৈ তেওঁ পুনৰ আশ্বাস দিছিল ।

হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ এই সিদ্ধান্তৰ বিপৰীতে ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক-কৰ্মচাৰী সমাজক নেতৃত্ব দি অহা জইণ্ট একশ্যন কমিটীৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে জনোৱা মতে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে কাগজ কল দুটা বিক্ৰীৰ আগতে উৎপাদন আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল । কিন্তু সেই নিৰ্দেশ অমান্য কৰি বিক্ৰীৰ নিবিদা আহ্বান কৰা কাৰ্যই শ্ৰমিক-কৰ্মচাৰীৰ লগতে সচেতন সকলোকে আচৰিত কৰিছে ।

মনকৰিবলগীয়া যে,কাগজ কল দুটাৰ বিক্ৰীৰ বাবে আৰম্ভ হোৱা প্ৰশাসনিক তৎপৰতাই অতি সোনকালেই কাগজ কল দুটা বাক্তিগত মালিকৰ অধীন হ’ব‌ বুলি নিশ্চিত কৰিছে ।‌‌ কিন্তু এনে প্ৰেক্ষাপটত শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যৎ কোন দিশে যাব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে ।

লগতে পঢ়ক:নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টৰ্ম’

Last Updated :Jun 4, 2021, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.