ETV Bharat / state

কাগজ কল নিলামক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছুৱে

author img

By

Published : Jun 2, 2021, 10:52 PM IST

অসমৰ দুটাকৈ কাগজ কল নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰা পাচতে ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল কুমাৰ শৰ্মাই ৷ তেওঁ কয়, কাগছ কল দুটা পুনজ্জীৱিতকৰণৰ ক্ষেত্ৰত আদালতে ৰায় দিয়া পাচতো উদ্যোগ বিভাগটোৱে কিদৰে এই বিজ্ঞাপন দিলে সেয়া ৰহস্য জনক ৷

assu reaction on nagaon paper mill auction issue
কাগজ কল নিলামক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছুৱে

মৰিগাঁও, 2 জুন : অসম চৰকাৰৰ দ্বাৰা অসমৰ দুটাকৈ কাগজ কল নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰা পাচতে ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ বুধবাৰে জাগীৰোডত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল কুমাৰ শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

তেওঁ কয়, চৰকাৰে কাগজ কল দুটা লাভজনক অৱস্থাত থকাৰ পাচতে দেউলীয়া ঘোষণা কৰি বন্ধ কৰিছিল ৷ ইয়াৰ পাচতো দুয়োটা উদ্যোগ পুনজ্জীৱিতকৰণ কৰা ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু এই আশ্বাস ভংগ কৰি পুনৰ নিলামৰ বাবে লোৱা চৰকাৰৰ সিদ্ধান্তই এতিয়া সকলোকে ক্ষোভিত কৰি তুলিছে বুলি কয় আছু উপ-সভাপতি গৰাকীয়ে ৷

কাগজ কল নিলামক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছুৱে

"আদালতে কাগজ কল দুটা নিলাম বন্ধ কৰি থোৱা পাচতো কিদৰে চৰকাৰখনে নিলামৰ বিজ্ঞাপন দিছে ? এই কাগছ কল দুটা পুনজ্জীৱিতকৰণৰ ক্ষেত্ৰত আদালতে ৰায় দিয়া পাচতো উদ্যোগ বিভাগটোৱে কিদৰে এই বিজ্ঞাপন দিলে সেয়া ৰহস্য জনক ৷ 1 লাখ যুৱক-যুৱতীক সংস্থাপন দিম বুলি আশ্বাস দিয়া চৰকাৰ খনে এই কাগছ কল দুটা নিলামৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷' এইদৰে কয় উপ-সভাপতি উৎপল কুমাৰ শৰ্মাই ৷

ইফালে, নগাঁও কাগজ নিগমৰ কৰ্মী ইউনিয়নৰ সম্পাদক আনন্দ বৰদলৈয়ে এতিয়াও বিশ্বাসী মহামান্য অদালতৰ ওপৰত । আদালত আৰু চৰকাৰৰ মাজত এই বিষয়ত আলোচনা কৰিছেনে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰিছে সম্পাদক গৰাকীয়ে । লগতে মুখ্যমন্ত্ৰীক কাগছ কলটো অসম চৰকাৰৰ অধীনত ৰাখিবলৈ আহ্বান জনালে সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক: খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত শিৰ নত কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.