ETV Bharat / state

Thieves arrested in Majuli: দলং নিৰ্মাণৰ সামগ্ৰী চুৰিৰ অভিযোগত আটক এদল চোৰ

author img

By

Published : Jan 25, 2023, 10:35 AM IST

Thieves arrested for stealing construction materials from Majuli Jorhat bridge
মাজুলীত আটক চাৰি চোৰ

যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ সামগ্ৰী চুৰিৰ অভিযোগত আটক চাৰিটাকৈ চোৰ (Thieves arrested in Majuli) ৷ ইয়াৰে এটা নাবালক বুলি জানিব পৰা গৈছে ৷

মাজুলীত আটক চাৰি চোৰ

মাজুলী, 25 জানুৱাৰী: মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলং (Majuli Jorhat bridge) । মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী তথা সপোন মাজুলী যোৰহাট সংযোগী দলঙৰ কাম ২০২১ চনৰ ২৯ নৱেম্বৰৰ দিনা ভূমি পূজনৰ জৰিয়তে খুঁটা পোতাৰ কাম আৰম্ভ হৈছিল । দলংখনৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে U.P. State Bridge Corporation Limited নামৰ প্ৰতিষ্ঠানটোক ৷ ৯২৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই দলঙৰ দৈৰ্ঘ্য হৈছে ৮.২৫ কিলোমিটাৰ ।

দলংখনৰ কাম আৰম্ভ হোৱাৰ পাছতেই খুটাৰ বিসংগতিৰ বাবে প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ আছিল দলংখনৰ নিৰ্মাণৰ কাম । প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ থকা দলংখনৰ কাম পুনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিল । বিজেপি চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ জনতাক দলং খনৰ নিৰ্মাণৰ ওপৰত যি প্ৰতিশ্ৰুতি দিছিল সেইমতেই দলং খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাটো বিচাৰিছিল মাজুলীৰ জনতাই ৷ কিন্তু এই দলংখন নিৰ্মাণ পূৰ্বেই সংঘটিত বিভিন্ন ঘটনাই যেন কালিকা লগাইছে দলংখন নিৰ্মাণৰ কামত ৷

লগতে পঢ়ক: Bangla MCP card in Majuli: মাজুলীত চৰকাৰী কাৰ্যালয়ত বঙালী ভাষাৰ প্ৰচলন

এইবাৰ আকৌ দলংখনৰ নিৰ্মাণৰ সামগ্ৰীৰ ওপৰত চকু পৰিছে চোৰৰ (Theft materials construction of Majuli bridge) ৷ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে কিছুদিন পূৰ্বে বনগাঁও আৰক্ষী চকীত দলং নিৰ্মাণৰ সামগ্ৰী চুৰি হোৱা বুলি এক গোচৰ ৰুজু কৰিছিল ৷ তাৰ পিছতেই বনগাঁও আৰক্ষীয়ে চোৰৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান ৷

মঙলবাৰে নিশা দলঙৰ সামগ্ৰী চুৰিৰ লগত জড়িত চাৰিটা চোৰক আটক কৰে বনগাঁও আৰক্ষীয়ে (Thieves arrested in Majuli) ৷ চাৰি চোৰৰ ভিতৰৰে এটা নাবালকো আছিল বুলি জানিব পৰা গৈছে । ইফালে দুদিন পূৰ্বে বিহুৱা দাস নামৰ আন এজনকো কৰায়ত্ত কৰিছিল আৰক্ষীয়ে । আটকাধীন চোৰকেইটা ক্ৰমে শান্তি দাস, কোষ দাস আৰু নিপন দাস ৷ আটাইকেইটাৰ ঘৰ মাজুলীৰ দক্ষিণপাটৰ কৈৱৎ গাঁৱত বুলি জানিব পৰা গৈছে ।

ইতিমধ্যেই আটকাধীন চোৰকেইটাই দলঙৰ সামগ্ৰী চুৰি কৰাৰ কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ চোৰৰ দলটোৰ পৰা কিছু চুৰি সামগ্ৰীও উদ্ধাৰ হৈছে বুলি জানিবলৈ দিয়ে বনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক: Majuli Jorhat bridge: মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম পৰিদৰ্শন সাংসদ প্ৰদান বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.