Majuli Jorhat bridge: মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম পৰিদৰ্শন সাংসদ প্ৰদান বৰুৱাৰ

author img

By

Published : Jan 11, 2023, 6:45 PM IST

Majuli Jorhat bridge construction site inspected by MP Pradan Baruah

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম পৰিদৰ্শন কৰিবলৈ মাজুলীত উপস্থিত সাংসদ প্ৰদান বৰুৱা (MP Pradan Baruah in Majuli) ৷ দলঙৰ কাম পৰিদৰ্শন কৰি দলং নিৰ্মাণ প্ৰতিষ্ঠানক বাৰিষাৰ পূৰ্বেই কামৰ গতি খৰখেদা কৰিবলৈ আহ্বান জনায় ৷

মাজুলীত সাংসদ প্ৰদান বৰুৱা

মাজুলী, 11 জানুৱাৰী: মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলং (Majuli Jorhat bridge) । মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী তথা সপোন মাজুলী যোৰহাট সংযোগী দলঙৰ কাম ২০২১ চনৰ ২৯ নৱেম্বৰৰ দিনা ভূমি পূজনৰ জৰিয়তে খুঁটা পোতাৰ কাম আৰম্ভ হৈছিল । ৯২৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই দলঙৰ দৈৰ্ঘ্য হৈছে ৮.২৫ কিলোমিটাৰ ।

মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলংখনৰ কাম আৰম্ভ হোৱাৰ পাছতেই খুঁটাৰ বিসংগতিৰ বাবে প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ আছিল দলং নিৰ্মাণৰ কাম । প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ থকা দলংখনৰ কাম পুনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে । মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ স্থানত মঙলবাৰে উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা ।

দলং নিৰ্মাণৰ কাম সুচাৰুৰূপে হৈ আছে নে নাই লগতে আন বহু আনুসংগিক দিশ পৰ্যালোচনাৰ বাবে সাংসদগৰাকী উপস্থিত হয় মাজুলীৰ দলং নিৰ্মাণৰ স্থানত (MP Pradan Baruah in Majuli) ৷ সাংসদগৰাকীয়ে দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ UP STATE BRIDGE CORPORATION ৰ লগত মত বিনিময় কৰে ।

উল্লেখনীয় বিষয় যে বৰ্তমানলৈকে দলং নিৰ্মাণ প্ৰতিষ্ঠানে দিব পৰা নাই মাজুলী-যোৰহাট সংযোগী দলঙৰ ড্ৰইং ডিজাইন । কেৱল ইমানেই নহয়, এফালে যদি নাই মেন পাৱাৰ, আনফালে আকৌ যন্ত্ৰপাতিৰ অভাৱত লেহেমীয়া গতিৰে চলিছে দলং নিৰ্মাণৰ কাম । এটা বছৰ পাৰ হোৱাৰ পাছতো দলঙখনৰ দুয়োফাল মিলাই মাত্ৰ ৩২ টা খুঁটাৰ ওৱেলহে সংস্থাপন কৰিবলৈ সক্ষম হৈছে নিৰ্মান প্ৰতিষ্ঠানটোৱে (Majuli Jorhat bridge construction site)।

যিহেতু বাৰিষালৈ বেছি দিন নাই গতিকে বাৰিষাৰ পূৰ্বেই দলং নিৰ্মাণ প্ৰতিষ্ঠানক দলঙৰ কামৰ গতি খৰখেদা কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায় । তেওঁ লগতে কয় যে বাৰিষাৰ পূৰ্বে দলঙখনৰ কাম চলি থকা ৩২ টা খুঁটাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । এতিয়া সাংসদগৰাকীৰ আহ্বান কিমান গুৰুত্ব সহকাৰে লয় দলং নিৰ্মাণ প্ৰতিষ্ঠানে সেয়াহে হ’ব সময়ত লক্ষণীয় ৷

লগতে পঢ়ক: Fog wreaks havoc in UP : ৰায়বেৰেলীত কুঁৱলীৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.