ETV Bharat / state

Guinness world record through Bihu : মাজুলীত বিহুৰ আখৰা পৰ্যবেক্ষণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

author img

By

Published : Apr 9, 2023, 5:40 PM IST

মাজুলীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰে (Minister Ranoj Pegu in Majuli)। প্ৰায় ২০০ গৰাকী বিহুৱা-বিহুৱতীয়ে গুৱাহাটীৰ বিহু প্ৰদৰ্শনত অংশ ল'ব । মাজুলীৰ নিৰ্মীয়মান দলঙৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে । শিক্ষাৰ মাধ্যম সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ ।

Guinness world record through Bihu
মাজুলীত বিহুৰ আখৰা পৰ্যবেক্ষণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

মাজুলীত বিহুৰ আখৰা পৰ্যবেক্ষণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

মাজুলী,৯ এপ্ৰিল : ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে গীনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নৃত্যক স্থান দিয়াৰ বাবে সাজু হৈছে (Bihu Guinness world record)। বিভিন্ন জিলাত চলি থকা বিহুৰ আখৰা ইতিমধ্যে সমাপ্ত হৈছে । দেওবাৰে জিলাসমূহত বিহুৰ চূড়ান্ত আখৰাও অনুষ্ঠিত হয় । ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাচতে প্ৰতিখন জিলাতে বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰিছে কেবিনেট মন্ত্ৰীসকলে ।

তাৰ অংশস্বৰূপে মাজুলীত উপস্থিত হৈছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu visits Majuli to inspect Bihu practice)। মাজুলীত বিহুৱা-বিহুৱতীসকলৰ বিহু নৃত্যৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । গড়মূৰ কাছাৰী মৈদানত ২০০ গৰাকী বিহুৱা-বিহুৱতীৰ বিহু নৃত্য উপভোগ কৰি আনন্দিত মন্ত্ৰীগৰাকী । ইফালে জিলাখনৰ প্ৰায় ২০০ গৰাকী বিহুৱা-বিহুৱতীয়ে ইতিমধ্যে আখৰা সম্পূৰ্ণ কৰি গুৱাহাটী আহিবলৈ সাজু হৈছে ।

১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিহু প্ৰদৰ্শন অনুষ্ঠানত অংশ ল'ব মাজুলীৰ এই বিহুৱা-বিহুৱতীসকলে । বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিশ্ব ৰেকৰ্ডৰ বাবে ৰাজ্যৰ ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে যি ১৫ মিনিটৰ বাবে বিহু নৃত্য প্ৰদৰ্শন কৰিব সেয়া অসমীয়া জাতিৰ বাবে অমৃত মুহূৰ্ত । সেই অমৃত মুহূৰ্তৰ বাবে কেনেদৰে শিল্পীসকল সাজু হৈছে সেয়া পৰ্যবেক্ষণ কৰিবলৈ তেওঁ মাজুলীত উপস্থিত হৈছে ।

বিহুৰ আখৰা পৰ্যবেক্ষণ কৰাৰ উপৰিও মাজুলী ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰীগৰাকীয়ে নিৰ্মীয়মান চেলেক ধুনাগুৰী দলং পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । ইফালে শিক্ষাৰ মাধ্যমক লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষাৰ মাধ্যমক লৈ চৰকাৰে ৰাজনীতি কৰা নাই (Assam education minister on medium controversy)।

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত প‍াঠদান হ'ব যদিও বিদ্যালয়সমূহ অসমীয়া মাধ্যমতে থাকিব । ইয়াক লৈ চিন্তা কৰিবলগা কোনো কাৰণ নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । তেওঁৰ মতে চহকী ঘৰৰ ল'ৰা-ছোৱালীয়ে ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ি ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব । কিন্তু দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীয়ে যদি অসমীয়া মাধ্যমত পঢ়ে কিদৰে ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব বুলিও তেওঁ প্ৰশ্ন কৰে ।

তেওঁৰ মতে সকলো ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা কৰিয়েই ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়তো ইংৰাজী মাধ্যমত পাঠদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে । শিক্ষা মন্ত্ৰীগৰাকীৰ মতে সকলোৰে যাতে উচ্চ শিক্ষা গ্ৰহণত সুবিধা হয় তাৰ বাবেহে এই সিদ্ধান্ত লৈছে চৰকাৰে ।

লগতে পঢ়ক :Bihu Guinness book of world records : ধেমাজি আৰু চৰাইদেউত বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.