ETV Bharat / state

Bihu Guinness book of world records : ধেমাজি আৰু চৰাইদেউত বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

author img

By

Published : Apr 9, 2023, 12:26 PM IST

বিহু প্ৰদৰ্শনেৰে গীনিজ ৰেকৰ্ড গঢ়াৰ বাবে সাজু হৈছে বিভিন্ন জিলাৰ প্ৰায় ১১ হাজাৰ বিহুৱা-বিহুৱতী (Bihu Guinness book of world record)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে জিলাসমূহত উপস্থিত হৈ বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰিছে মন্ত্ৰীসকলে । ধেমাজিত মন্ত্ৰী সঞ্জয় কিষাণ আৰু চৰাইদেউত মন্ত্ৰী যোগেন মহন উপস্থিত হৈ বিহুৰ আখৰা পৰ্যবেক্ষণ কৰিছে ।

Bihu Guinness book of world records
ধেমাজি আৰু চৰাইদেউত বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

ধেমাজি আৰু চৰাইদেউত বিহুৰ চূড়ান্ত আখৰা পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

নিউজ ডেস্ক,৯ এপ্ৰিল : গীনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নৃত্যক স্থান দিয়াৰ বাবে অসম চৰকাৰে ইতিমধ্যে বিশেষ পদক্ষেপ হাতত লৈছে (Bihu Guinness book of world record)। প্ৰতিখন জিলাতে বিহুৱা-বিহুৱতীসকল আখৰাত ব্যস্ত হৈ পৰিছে । ইফালে বিহুৰ এই আখৰা নিৰীক্ষণৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলক দায়িত্ব দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে চৰাইদেউ জিলাৰ বিহুৰ আখৰাস্থলীত উপস্থিত হৈছে মন্ত্ৰী যোগেন মহন (Jogen Mahan inspects bihu final practice)।

সোণাৰি ৰাজহুৱা খেলপথাৰত বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিহু নৃত্যৰ চূড়ান্ত আখৰা পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে জিলাখনৰ পৰা ৪০০ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব । বিহুৰ দলটো গুৱাহাটীলৈ ৰাওনা হোৱাৰ পূৰ্বে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত চূড়ান্ত আখৰাত দেখা গ'ল বিহুৱা-বিহুৱতীসকলক। চূড়ান্ত আখৰাত উপস্থিত থাকি আনন্দিত মন্ত্ৰী যোগেন মহন । তেওঁৰ সৈতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকে ।

সমান্তৰালকৈ ধেমাজি জিলাতো চলিছে বিহুৰ চূড়ান্ত আখৰা (Bihu final practice for world records)। ধেমাজি জিলাৰ চাৰি শতাধিক বিহুৱা-বিহুৱতীয়ে আখৰা ইতিমধ্যে সমাপ্ত কৰিছে । ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি চিলাৰায় ভৱনত যোৱা ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইয়াৰ পাচতে জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত জিলা পৰ্যায়ৰ কেন্দ্ৰীয়ভাৱে বিহু প্ৰদৰ্শন আৰু চূড়ান্ত আখৰা অনুষ্ঠিত হয় ৷

এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan inspects bihu final practice)। গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ সন্মুখত ধেমাজি জিলাৰ বিহুৱা-বিহুৱতীসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বুলিও আশাবাদী মন্ত্ৰীগৰাকী । জানিব পৰা মতে চূড়ান্ত আখৰাৰ পাচতে গুৱাহাটীলৈ ৰাওনা হ'ব ৪১৮ জনীয়া বিহুৱা-বিহুৱতীৰ দলটো । দলটোত ঢুলীয়া ৮৪ গৰাকী,পেঁপুৱা ১৯ গৰাকী,তালত থাকিব ২০ গৰাকী,নাচনী ২৪৭ গৰাকী,গগনা আৰু টকাত ক্ৰমে ৩০ আৰু ১৮ গৰাকী ৷ চূড়ান্ত আখৰাৰ আনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে জিলা উপায়ুক্ত পল্লৱী ফুকন, জিলা উন্নয়ন আযুক্ত অৰূপ কুমাৰ পাঠক, জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিব । য'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব । ইতিমধ্যে বিভিন্ন জিলাত চূড়ান্ত আখৰা সমাপ্ত কৰি বিহুৱা-বিহুৱতীসকল গুৱাহাটী অভিমুখে ৰাওনা হৈছে ।

লগতে পঢ়ক :World Records through Bihu : বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্যৰ বিহুৱা-বিহুৱতীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.