ETV Bharat / state

মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতে লাগিছে খেলি-মেলি !

author img

By

Published : May 8, 2022, 8:34 PM IST

problem-in-construction-of-jorhat-majuli-bridge
মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতে লাগিছে খেলি-মেলি!

দেওবাৰে পুৱাই মাজুলীৰ দলং নিৰ্মাণ স্থলীত superintendent engineer ইন্দ্ৰজিত গগৈৰ নেতৃত্বত উপস্থিত হয় এটা তদন্তকাৰীৰ দল (Investigation team in Majuli scrutinizing Jorhat Majuli bridge) ৷ এই দলটোৱে ৯ নম্বৰ খুঁটাৰ মাৰ্কিঙত হোৱা বিসংগতি ধৰা পেলাই । এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ পৰা মাজুলীলৈ অহা এটা দলে দাখিল কৰিব বিশেষ প্ৰতিবেদন ৷ এই প্ৰতিবেদনৰ ওপৰতে নিৰ্ভৰ কৰিব মাজুলী যোৰহাট সংযোগী দলঙৰ নিমাণৰ কাম ।

মাজুলী, 8 মে’: মাজুলী-যোৰহাট দলং নিৰ্মাণৰ (Construction of Jorhat Majuli bridge) কামত এতিয়া যেন আৰম্ভণিতে লাগিল কেনা ৷ তদন্তত ওলাইছে ইটোৰ পিছত সিটো বিসংগতি ৷ দেওবাৰে পুৱাই মাজুলীৰ দলং নিৰ্মাণ স্থলীত superintendent engineer ইন্দ্ৰজিত গগৈৰ নেতৃত্বত উপস্থিত হয় এটা তদন্তকাৰীৰ দল (Investigation team in Majuli scrutinizing Jorhat Majuli bridge) ৷ এই দলটোৱে ৯ নম্বৰ খুঁটাৰ মাৰ্কিঙত হোৱা বিসংগতি ধৰা পেলাই ।

উল্লেখযোগ্য যে, এই খুঁটা সমূহ নিৰ্মাণৰ সময়ত কিমান মিটাৰ পুতিলে সেই কথা সমূহ সঠিকভাৱে জানিবলৈ নিৰ্মাণৰ সময়ত মাৰ্কিং কৰি ৰখা হয় ৷ তদন্তকাৰীৰ দলটোৱে খুটা পোতাৰ মাৰ্কিং বিসংগতি ধৰা পেলাই ৷ এই সমগ্ৰ বিষয় দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত । এই দৃশ্যত স্পষ্টকৈ ওলাই পৰিছে নিৰ্মাণ কাৰ্যৰ বিসংগতি সমূহ ৷

মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতে লাগিছে খেলি-মেলি!

উল্লেখযোগ্য যে, এই বিসংগতি সমূহ যদি ৰৈ যায় ভৱিষ্যতে দলংখনত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা কৰা হৈছে ৷

এই সন্দৰ্ভত মন্তব্য কৰি অভিযন্তা ইন্দ্ৰজিত গগৈয়ে কয় যে, বিসংগতি পূৰ্ণভাৱে দলঙৰ কাম কৰিবলৈ দিয়া নহয় । এতিয়া উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ দলে চোৱাৰ পাছত হে আৰম্ভ কৰিব পাৰিব দলং নিৰ্মাণৰ কাম । অৱশ্যে, বিসংগতি পূৰ্ণ খুটা ভাঙি পেলোৱা হয় নে ৰাখি থোৱা হ’ব এই সন্দৰ্ভত বিশেষজ্ঞৰ দলেহে ল’ব সিদ্ধান্ত ৷

ইয়াৰোপৰিও তেওঁ কয় যে, ৰাইজৰ মনত যেতিয়া সন্দেহৰ সৃষ্টি হৈছে সেই সন্দেহ দূৰ কৰিবই লাগিব ৷ উল্লেখযোগ্য যে, যোৰহাট-মাজুলীৰ এই দলং খন নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিস্থানটোৰ নাই দলং বনোৱাৰ কোনো বিশেষ অভিজ্ঞতা ৷ দুলীয়াজানৰ BRC নামৰ কম্পেনীটোক এই নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰিছে ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেচন নামৰ প্ৰতিস্থানটোৱে (Company constructing Jorhat Majuli bridge) ।

ইপিনে, বহু বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই থকা ইউ পি ষ্টেট ব্ৰিজ কৰ্পৰেচন এতিয়া ক’ত হেৰাল তাকেলৈয়ো ৰাইজৰ মাজত সৃষ্টি হৈছে এক প্ৰশ্নবোধকৰ ৷ ইপিনে, এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ পৰা মাজুলীলৈ অহা এটা দলে দাখিল কৰিব বিশেষ প্ৰতিবেদন ৷ এই প্ৰতিবেদনৰ ওপৰতে নিৰ্ভৰ কৰিব মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম ।

লগতে পঢ়ক : গৃহমন্ত্ৰী আহি আছে; মহানগৰীৰ ৰাজপথত কেতবোৰ বাহন চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.