ETV Bharat / state

Raas Festival in Majuli: ৰাস মহোৎসৱৰ বাবে মুখা বনোৱাত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী

author img

By

Published : Oct 25, 2022, 7:00 PM IST

Mask artists of Chamaguri Satra in Majuli busy are making masks
ৰাস মহোৎসৱৰ বাবে মুখা বনোৱাত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল

ৰাস বুলিলেই পোন প্ৰথমে সকলোৰে মনলৈ আহে সত্ৰ নগৰী মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ (Raas Festival in Majuli) । সকলো শিল্পী ব্যস্ত আগন্তুক ৰাস মহোৎসৱৰ বাবে মুখা তৈয়াৰ কৰাত (Mask artists of Chamaguri Satra ) ।

মাজুলী, 25 অক্টোবৰ: ৰাস বুলিলেই পোন প্ৰথমে সকলোৰে মনলৈ আহে সত্ৰ নগৰী মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ (Raas Festival in Majuli) ।

ৰাস মহোৎসৱৰ বাবে মুখা বনোৱাত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল

কৃষ্ণ লীলাৰ বন্দনাত মুখৰিত হয় সত্ৰ নগৰী মাজুলীৰ আকাশ বতাহ (Majestic River Island Majuli) । এইবেলি মাজুলীৰ প্ৰায় ১৪খন সত্ৰ আৰু প্ৰায় অৰ্দ্ধশতাধিক ৰঙ্গমঞ্চত অনুস্থিত হ’ব এই ৰাস মহোৎসৱ । বাৰিষাৰ বানে জুৰুলা কৰাৰ পাছত শৰৎ কালৰ এই মধুৰ সময়ত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰে এই ৰাস মহোৎসৱৰ প্ৰস্তুতিত (Preparation for Raas in Majuli) ।

এয়া মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ দৃশ্য (Chamaguri Satra in Majuli ) । সকলো শিল্পী ব্যস্ত আগন্তুক ৰাস মহোৎসৱৰ বাবে মুখা তৈয়াৰ কৰাত (Mask artists of Chamaguri Satra ) । এই চামগুৰি সত্ৰৰ পৰা মাজুলীৰ লগতে অসমৰ বিভিন্ন ৰংগমঞ্চলৈ যাব বিভিন্ন ধৰণৰ মুখা । ইতিমধ্যে অসমৰ বহু ঠাইৰ পৰা মুখা বনাবলৈ অৰ্ডাৰ আহিছে বুলি জানিবলৈ দিছে এইসকল মুখাশিল্পীয়ে । চামগুৰি সত্ৰত নিমিত এই মুখাই আকৰ্ষণ কৰে দেশ বিদেশৰ পৰ্যটকক ।

ইতিমধ্যে এই সময়চোৱাত সত্ৰনগৰী মাজুলীলৈ আগমন ঘটিছে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ (Tourists gather in Majuli) ৷ উল্লেখযোগ্য যে, বিগত দুটা বছৰত ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ পৰ্যটকসকল অহা নাছিল ৷ ফলত ভয়াৱহতাৰ বাবে মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ পৰ্যটকৰ আগমন হোৱা নাছিল ৷ পিছে এইবছৰ ক’ভিডৰ ভয়াৱহতা হ্ৰাস পোৱাৰ অন্তত পৰিস্থিতি স্বাভাৱিক হৈ পৰাত অসমৰ বিভিন্ন ঠাইৰ লগতে প্ৰাণ চঞ্চলা হৈ পৰা সত্ৰ নগৰী মাজুলীলৈ আগমন ঘটিছে বহু দেশী বিদেশী পযটকৰ ।

ইফালে মাজুলীৰ ৰাস মহোৎসৱৰ বাবে দুখন নতুন জাহাজ মাজুলী আৰু নিমাতীৰ মাজত চলাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ (IWT) সঞ্চালক পাৰ্থ পেগুৱে (Two new ferry for Majuli in Ras) । মাজুলীৰ আগন্তুক ৰাস মহোৎসৱৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে (Inland Water Transport) চলাব ৰাস দর্শনাৰ্থীৰ বাবে অতিৰিক্ত ফেৰী ৷

ইয়াৰ বাবে অফলামুখ আৰু কমলাবাৰী পাৰঘাটত অতিৰিক্ত ৰেম্প তৈয়াৰ কৰা হ'ব । লগতে অতিৰিক্ত দুখন জাহাজ গুৱাহাটীৰ পৰা ৰাসৰ পূৰ্বে আহি মাজুলী পাব বুলি জনাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক পাৰ্থ পেগুৱে (New ferry to Majuli from Guwahati) । ৰাসৰ সময়ত বিয়লি নিমাতীৰ পৰা শেষৰ ফেৰীখনৰ সময় হ'ব ৩.৩০ বজাত ।

লগতে পঢ়ক: Miya Museum controversy : অৱশেষত ছীল হ’ল বহু চৰ্চিত মিঞা মিউজিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.