ETV Bharat / state

Majuli red bao rice exports : বিশ্বৰ বজাৰলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল

author img

By

Published : Nov 13, 2022, 9:31 PM IST

Updated : Nov 14, 2022, 4:06 PM IST

বিদেশৰ বজাৰত খলকনি তুলিছে মাজুলীৰ ৰঙা বাও চাউলে ৷ মাজুলীৰ পৰা দ্বিতীয়বাৰৰ বাবে বিদেশলৈ ৰপ্তানি 20 কুইন্টল ৰঙা বাও চাউল (Majuli red bao rice exports to the world market)৷

Majuli red bao rice exports to the world market
বিশ্বৰ বজাৰলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল

মাজুলী, 13 নৱেম্বৰ : মাজুলীবাসীৰ বাবে আহিছে অন্য এক সু-খবৰ ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপ জিলা মাজুলীৰ ৰঙা বাও চাউল আজিৰ দিনত মাজুলীৰ ঐশ্বৰ্যৰূপে বিবেচিত হৈছে ৷ কিয়নো মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিদেশলৈ ৰপ্তানি হৈছে মাজুলীৰ ৰঙা বাও চাউল (Majuli red bao rice exports to the world market)৷ যাক লৈ উৎফুল্লিত এতিয়া মাজুলীৰ চহা কৃষক ৰাইজ ৷

উল্লেখ্য যে, মাজুলীৰ বিশুদ্ধ প্ৰাকৃতিক পৰিৱেশত, বিশেষকৈ কোনো ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগ নকৰাকৈ কৰা হৈছে এই ৰঙা বাও ধানৰ খেতি (Majuli red bao rice) ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, বানে ধোৱা মাজুলীৰ দ পথাৰ বাওধানৰ বাবে উপযোগী । নেঘেৰী, অমনা, দেউৰী বাও, ককুৱা, মৈমনচিঙা আদি ধান সহজে পানীয়ে মাৰিব নোৱাৰে ।

বিশ্বৰ বজাৰলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল

এনে পৰিপেক্ষিতত প্ৰতি বছৰে মাজুলীত বহু হাজাৰ কুইন্টলৰো অধিক ৰঙা চাউল উৎপাদন হয় ।

সেয়ে এতিয়া বিশ্বৰ বজাৰলৈ উলিয়াই দিয়া হৈছে মাজুলীৰ এই ৰঙা চাউল ৷ ABM Agri Industry & Research pvt.Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা ৰপ্তানি কৰি চিংগাপুৰ, চৌদী আৰব, কুৱেইটকে ধৰি বহু কেইখন আৰবীয়ান দেশলৈ মাজুলীৰ ৰঙা বাও চাউল বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ।

এই উপলক্ষে মাজুলী জিলা প্ৰশাসন, মাজুলী জিলা কৃষি বিভাগ, এপাৰ্ট আৰু মাজুলী জেংৰাইমুখ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত মাজুলীৰ জেংৰাইমুখত আজি অৰ্থাৎ দেওবাৰে ‘‘ফ্লেগ অফ’’ অনুষ্ঠানত 20 কুইন্টল ৰঙা বাও চাউল পৰিবহন কৰা বাহনৰ ফ্লেগ অফ কৰি কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি পৰামৰ্শদাতা, প্ৰাক্তন যুটীয়া সঞ্চালক ড৹ ইমৰান হুচেইনে কয়, ‘‘উৎপাদন আৰু বাণিজ্য দুয়োটা দিশৰ প্ৰতি আমাৰ কৃষকসকলে গুৰুত্ব দিব লাগিব । কৃষকসকলেই মাজুলীক কৃষিৰ ক্ষেত্ৰত নিশ্চিতভাৱে দেশৰ ভিতৰতে শিখৰলৈ নিব পাৰিব । এই ক্ষেত্ৰত কৃষকক সহায়ৰ বাবে কৃষি বিষয়াসকলৰ দুৱাৰখন সদায় খোলা আছে’’ ।

তেওঁ আৰু কয়, ‘‘এই সময়খিনিয়েই উৎপাদনৰ বাবে মাজুলীৰ কাৰণে উপযুক্ত সময় । প্ৰয়োজন হ’লে কৃষকৰ পথাৰখন আমি ৰাতিও খোলা ৰাখিব পাৰো’’ । মাজুলী জিলা কৃষি বিষয়াই ৰঙা বাও মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰি কয়, ‘‘বিদেশেই নহয় দেশৰ ভিতৰতো ইয়াৰ যথেষ্ট চাহিদা আছে’’ ।

বিদেশী বৃহৎ কোম্পানীবোৰে বিদেশলৈ পঠোৱা এই ৰঙা বাও চাউলৰ যথেষ্ট পৰীক্ষা নিৰীক্ষা সম্পাদন কৰিহে মাজুলীৰ ৰঙা চাউলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । বিশেষকৈ প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰণ থকা, প্ৰকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক, কীটনাশক বা বননাশক প্ৰয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্ৰাস নাপায় ।

বিদেশী ৰাষ্ট্ৰত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে মাজুলী, অসম তথা ভাৰতৰ নাম উজ্বলি থাকিব । অনুষ্ঠানটোত উপস্থিত থাকি উদ্যোক্তাসকলৰ সলাগ লোৱাৰ লগতে ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰখাত গুৰুত্ব দিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, মাজুলী জেংৰাইমুখ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কৃষক গোটত পাঁচশৰো অধিক কৃষক জড়িত হৈ আছে । ৰঙা চাউলৰ সমান্তৰালকৈ পৰ্যায় ক্ৰমে সৰিয়হৰ তেল, গুৰ, নহৰু আৰু উখোৱা চাউল, নেমু আদিও বিদেশলৈ ৰপ্তানি কৰি কৃষকসকলক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা চলি থাকিব বুলি কোম্পানীটোৰ লোকে অৱগত কৰে ।

লগতে পঢ়ক : Free roaming of dolphins : ভাটে সাগৰত জাক জাক ডলফিনৰ জলকেলি

Last Updated :Nov 14, 2022, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.