ETV Bharat / state

মাজুলীত মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মৃতদেহ ওভতাই দিলে পৰিয়ালক

author img

By

Published : Sep 11, 2019, 8:36 PM IST

মাজুলীত উতপ্ত পৰিস্থিতি ৷ নৈত ওপঙি থকা মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ ওভতাই পালে পৰিয়ালে ৷ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নিবলৈ ফোন ৷ বিভাগীয় বিষয়া-কৰ্মচাৰী নহা পৰ্যন্ত ৰাইজে মৃতদেহ নপথোৱাৰ সিদ্ধান্ত ৷

মাজুলীত মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মৃতদেহ ওভতাই দিলে পৰিয়ালক

মাজুলী,11ছেপ্টেম্বৰঃ মঙলবাৰে নিশা মাজুলীৰ শুকানসুঁতি নৈৰ বুকুত উদ্ধাৰ হৈছিল জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বঙালকটা গাঁৱৰ ভাস্কৰ বৰা নামৰ এজন যুৱকৰ মৃতদেহ । পাচত মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় । কিন্তু আশ্চর্যজনক কথা যে মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে দুদিনৰ পাচত বুধবাৰে ঘৰলৈ ওভতাই পথোৱাত গাঁওবাসী ৰাইজৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে । ইপিনে বিভাগীয় গড়মূৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ এই দায়িত্বজ্ঞানহীন কাৰ্যত উত্তেজিত ৰাইজে ফোনেৰে যোগাযোগ কৰিছিল যদিও পুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাবলৈ কয় । আনহাতে এই কথাত ক্ষুব্ধ ৰাইজে বিভাগীয় দায়িত্বশীল বিষয়া গাঁওখনলৈ নিজে নহা পৰ্যন্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নপথোৱাৰ সিদ্ধান্ত লৈছে । এই কাৰ্যই পুনৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ অমনোযোগীতাৰ বিষয়ে উদঙাইছে ৷

মাজুলীত মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মৃতদেহ ওভতাই দিলে পৰিয়ালক
Intro:Gfx...মাজুলীত মৃতদেহৰ বিলৈঃ
Gfx.... নদীত ওপঙি থকা মৃতদেহ মৰনোত্তৰ পৰীক্ষা নকৰাকৈ ওভতাই পালে ঘৰলৈঃ
Gfx.... মাজুলীত উতপ্ত পৰিস্থিতিঃ
Gfx.... পুণৰ মৃতদেহ বিচাৰিছে মৰনোত্তৰ পৰীক্ষাৰ বাবেঃ
Gfx.... আৰক্ষী প্ৰশাসন নিহিলে ৰাইজে নপথাই মৃতদেহঃ

VO... যোৱা কালি মঙ্গল বাৰে নিশা ৮-৩০ বজাত জেংৰাইমুখ আৰক্ষী থানাৰ অন্তগত বঙালকটা গাঁৱৰ ভাস্কৰ বৰা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল শুকানসুতি নৈৰ বুকুত। যোৱা নিশাই আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় গড়মুৰ অসামৰিক চিকিৎসালয়লৈ। আশ্বৰ্যৰ কথা যে মৃতদেহ মৰনোত্তৰ পৰীক্ষা নকৰাকৈ দুদিনৰ মুৰত আজি ওভতাই পথোৱাত গাঁওবাসী ৰাইজৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
বাইট--' 1
বিভাগীয় কৰ্তিপক্ষৰ এই দ্বায়িত্ব জ্ঞান হিন কাৰ্যত উত্তেজিত ৰাইজে ফোনেৰে যোগাযোগ কৰাত পুনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যাৱলৈ কয়। ক্ষুব্ধ ৰাইজে বিভাগীয় দায়িত্বশীল বিষয়া গাঁও খন লৈ নিজে নহা প্ৰজন্ত মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ৰাইজে নপথোৱাৰ সিদ্ধান্ত লৈছে। মাজুলীত যুৱক জনৰ মৃত্যুৰ পাছটো মৃতদেহৰ বিলৈ দেখি সকলো হতবাক হৈ পৰিছে।
বাইট--- 2

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.