ETV Bharat / state

কমলাবাৰী ফেৰীঘাটত উত্তেজনাপূৰ্ণ পৰিস্থিতি

author img

By

Published : Aug 18, 2021, 7:09 PM IST

মংগলবাৰে মাজুলীৰ কমলাবাৰী ফেৰীঘাটত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ যোৰহাটলৈ যাবলৈ পাঁচ শতাধিক যাত্ৰীয়ে ভিৰ কৰিছিলহি ফেৰীঘাটত । এই সময়তে ফেৰীঘাটত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱাত জিলা প্ৰশাসনৰ লোক ঘাটত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি ৷

hungma at majuli pheri ghat
মাজুলী কমলাবাৰী ফেৰী ঘাটত উত্তেজনা

মাজুলী, 18 আগষ্ট : মাজুলীৰ ফেৰীঘাটত অথন্তৰ ৷ ফেৰী নাপাই শতাধিক যাত্ৰীয়ে ভিৰ কৰি কমলাবাৰী ফেৰীঘাটত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ৷ যাৰ ফলত কমলাবাৰী ফেৰীঘাটত উদ্ভৱ হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে বন্ধ কৰি ৰাখিছিল আন্তঃজিলা যাতায়াত ব্যৱস্থা ৷ আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ্থীৰ লগতে ৰোগী তথা অন্য লোকসকলেও চৰম অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ মংগলবাৰে তেনে এক ঘটনা পোহৰলৈ আহিল মাজুলীত ৷

কমলাবাৰী ফেৰীঘাটত উত্তেজনাপূৰ্ণ পৰিস্থিতি

বৰ্তমান ৰাজ্যত উচ্চ শিক্ষাৰ অনুষ্ঠানত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

যাৰ ফলত ক’ভিড পৰিস্থিতিৰ মাজতো উচ্চশিক্ষাৰ অনুষ্ঠানত নাম ভৰ্তি তথা বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোৰহাট অভিমুখে যাবলৈ ফেৰী ঘাটত ভিৰ কৰিলেহি শতাধীক যাত্ৰীয়ে ৷ যিহেতু বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত ব্যৱস্থা, তাৰ মাজতে হঠাৎ ফেৰী ঘাটত যাত্ৰীৰ ভিৰ দেখি বিপাঙত পৰে ফেৰী ঘাটৰ কৰ্মচাৰী ৷ উপায়ন্তৰ হৈ ফেৰী ঘাটৰ কৰ্মচাৰীয়ে সহায় বিচাৰে প্ৰশাসনৰ ৷

পৰৱৰ্তী সময়ত মাজুলী কমলাবাৰী ফেৰী ঘাটত উপস্থিত হয় জিলা প্ৰশাসনৰ লোক ৷ অৱশেষত কেইবা ঘন্টাৰ বিৰতিৰ পাচত জিলা প্ৰশাসনৰ অনুমতি পত্ৰ থকা লোককহে প্ৰশাসনে ফেৰীৰ ব্যৱস্থা কৰি দিয়ে ৷

লগতে পঢ়ক: ৰাজহ ফাঁকিৰে চলি অহা পাৰ্কিং প্লেচ ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.