ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী

author img

By

Published : Oct 15, 2020, 10:10 PM IST

মাজুলীত লাট মণ্ডলক ৰঙাঘৰলৈ প্ৰেৰণ ।  ভূমি পট্টা প্ৰদানত ভয়াবহ কেলেংকাৰীৰ অভিযোগ । খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিত সংঘটিত হৈছে এই ধৰণৰ কেলেংকাৰী ৷

corruption
huge scam

মাজুলী, 15 অক্টোবৰ : মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিছিল অসম চৰকাৰৰ অভিলাষী আঁচনি ভূমিপট্টা বিতৰণ । মাজুলীৰ ৮ হাজাৰ ভূমিহীনক পট্টা বিতৰণৰ ব্যৱস্থা কৰিছিল অসম চৰকাৰে । অসমৰ প্ৰতিখন জিলাতে এই আঁচনিৰ শুভাৰম্ভ হৈছিল । কিন্তু শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সমষ্টিত ভূমি পট্টা বিতৰণৰ নামত কি চলিছে এয়া ৷ মাজুলীৰ কমলাবাৰী মৌজাৰ ৰঙাচাহী ১নং লাটত পট্টাৰ নামত সংগ্ৰহ কৰিছে ধন । জম্বুদ চুকৰ জিতেন্দ্ৰ মিলি নামৰ এজন ব্যক্তিৰ গোচৰ ভিত্তিত গোচৰ ৰুজু কৰিছে জেংৰাইমুখত থানাই । ইতিমধ্যে জম্বুদ চুকৰ গকুল নৰহ নামৰ এজন দালালক জেললৈ প্ৰেৰণ কৰিছে ।

মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী

ইয়াৰ পাছতে ১নং লাটৰ মণ্ডল বিতোপন দাসক ৷ বুধবাৰে আবেলি আটক কৰি সোধ পোচ কৰাৰ পাচত জেংৰাই থানাত ভাৰতীয় দণ্ডবিধি আইন ধাৰা 384/506/34 ৰ অধীনত কেচ নম্বৰ ৯৭/২০২০ ত গোচৰ ৰুজু কৰিছে মণ্ডলৰ বিৰুদ্ধে । বৃহস্পতিবাৰে মাজুলীৰ সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰন কৰে । বিতোপন দাসে আদালতলৈ অহাৰ সময়ত মাজুলী মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ত্ৰৈলোক্য পামেগামৰ নাম উল্লেখ কৰিছে । ত্ৰৈলোক্য পামেগামে তেখেতক উদেশ্য প্ৰণোদিত ভাৱে ফচোৱাৰ কথা উল্লেখ কৰিছে ।

জম্বুত চুকৰ ৪৬ জন লোকৰ পৰা গকুল নৰহে ভূমি পট্টা বিতৰণ কৰোতে ধন সংগ্ৰহৰ অভিযোগ উঠিছিল আৰু এই অভিযোগৰ ভিত্তিত জিতেন্দ্ৰ মিলিয়ে জেংৰাই থানা তৰিছিল গোচৰ । দালাল গকুল নৰহ আৰু লাট মণ্ডলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে মাজুলী আৰক্ষীয়ে । দৰিদ্ৰ লোকক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা পট্টাৰ নামত এইসকল লোকে উঠাইছে টকা । এই ঘটনাত আৰু কোনো কোন জড়িত পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ।
লগতে পঢ়ক : কলিয়াবৰত 450 গৰাকী ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.