ETV Bharat / state

গৃহ সমষ্টি মাজুলীত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : May 26, 2021, 9:54 PM IST

2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি মাজুলীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিমাতি ঘাটৰ পৰা মাজুলীলৈ ফেৰীৰে আহি অফলামুখ ঘাটত উপস্থিত হোৱাত মাজুলীবাসীয়ে আদৰণি জনায় বিধায়ক গৰাকীক ৷

former chief minister sarbananda sonowal arrives in home constituency majuli
গৃহ সমষ্টি মাজুলীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মাজুলী, 26মে': বুধবাৰে সন্ধিয়া মাজুলীত উপস্থিত হ'ল মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টিত উপস্থিত হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৷

গৃহ সমষ্টি মাজুলীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

নিমাতি ঘাটৰ পৰা মাজুলীলৈ ফেৰীৰে আহি অফলামুখ ঘাটত উপস্থিত হোৱাত মাজুলীবাসীয়ে আদৰণি জনায় বিধায়ক গৰাকীক ৷ বৃহস্পতিবাৰে নিজ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

লগতে পঢ়ক: 10 খনকৈ যাত্ৰীবাহী ৰে’ল বাতিলৰ সিদ্ধান্ত উত্তৰ পূৱ-ৰে’লৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.