ETV Bharat / state

পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

author img

By

Published : Jun 1, 2020, 10:54 AM IST

প্ৰশাসনৰ নিৰ্দেশনাত পুনৰ আৰম্ভ হৈছে মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা ৷ সোমবাৰৰ পৰা পুনৰ নিময়ীয়া ভাৱে ফেৰী চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছে মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে ৷

Fheri service resume at Majuli
পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

মাজুলী, 1 জুন: সোমবাৰৰ পৰা পুনৰ মুকলি কৰা হৈছে কৰ'ণা সন্ত্ৰাসৰ বাবে বন্ধ হৈ থকা মাজুলীৰ ফেৰী সেৱা ৷ প্ৰশাসনৰ নিৰ্দেশনাত পুনৰ আৰম্ভ হৈছে মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা ৷ সোমবাৰৰ পৰা পুনৰ নিময়ীয়া ভাৱে ফেৰী চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছে মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে ৷

পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

উল্লেখ্য যে, কোভিড-১৯ সম্পৰ্কীয় সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীতে মুঠ যাত্ৰী আসনৰ ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব ৷ কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ-নিমাতীঘাটৰ মাজৰ এই নিয়মীয়া ফেৰী সেৱা পূৰ্বৰ দৰেই আভ্যন্তৰীণ জলপৰিবহণ বিভাগে পৰিচালনা কৰিব।

লগতে পঢ়কঃ এটা কোৱাৰেণ্টাইন চেণ্টাৰত বাধ্যতামূলক শৰীৰচৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.