ETV Bharat / state

মাজুলীত গছৰ ডালেৰে খহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ

author img

By

Published : Jul 20, 2021, 7:16 PM IST

Brahmaputra river Erosion in Majuli
মাজুলীত নদীৰ কাষত থকা গছেৰে খহনীয়া ৰোধৰ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ

ব্ৰহ্মপুত্ৰৰ খহনীয়া(Erosion)ই ভাবুকি কঢ়িয়াই আনিছে সত্র নগৰী মাজুলীলৈ । মাজুলীৰ শালমৰাৰ কামজান এলেংগীকে ধৰি বিভিন্ন অঞ্চলত চপৰা চপৰে খহিছে নৈৰ গৰা । আপোন ঘৰখন খহনীয়াত নিঃশেষ হোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া ৰাইজে । খহনীয়া ৰোধৰ নামত ভেকো ভাৱনা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ।

মাজুলী, ২০ জুলাই : ক'ভিড-১৯ মহামাৰীৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ বাবে দুবেলা-দুমুঠি আহাৰ যোগাৰ কৰা কঠিন হৈ পৰা সময়তে ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া(Erosion)ই চকুৰ টোপনি হৰিছে মাজুলীৰ নৈপৰীয়া ৰাইছে । জিলাখনৰ শালমৰাৰ বহু অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে খহনীয়াই । শালমৰাৰ কামজান এলেংগীৰ প্ৰায় তিনি শতাধিক পৰিয়ালে এতিয়া মাটি-ঘৰ হেৰুওৱাৰ আশংকাত দিন কটাবলগীয়া হৈছে । আনহাতে, ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে ইঞ্জিনিয়াৰিং কোম্পানীয়ে ৰূপায়ণ কৰা ২৩৭ কোটি টকীয়া অভিলাষী আঁচনিও এতিয়া অসাৰ প্ৰতিপন্ন হৈছে ।

ব্ৰহ্মপুত্ৰ ব'ৰ্ডে বছৰ বছৰ ধৰি মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি আহিছে যদিও আজি পৰ্যন্ত মাজুলীৰ খহনীয়াৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই । নিতৌ শালমৰাৰ ন ন অঞ্চল ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে । খহনীয়াৰ কবলত পৰি বহু পৰিয়ালে আপোন ঘৰখন নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছে । লগতে বহু পৰিয়ালে এতিয়া বাৰিষা অহাৰ লগে লগে নিজৰ ঘৰখন স্থানান্তৰ কৰিবলৈ যো-জা চলোৱা দেখা গৈছে ।

মাজুলীত গছৰ ডালেৰে খহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ

ব্ৰহ্মপুত্ৰ ব'ড আৰু টি কে কোম্পানীয়ে কিছুদিন পূৰ্বে কেইটামান পাকুপাইন স্থাপন কৰিছিল যদিও খহনীয়া প্ৰতিৰোধৰ এই প্ৰচেষ্টাও বিফল হয় । অৱশেষত বিজ্ঞানসন্মত পদ্ধতি এৰি নৈৰ গৰাৰ কাষত থকা গছ কাটি গৰখহনীয়া ৰোধৰ চেষ্টা চলায় ব্ৰহ্মপুত্ৰ ব'ৰ্ডে । বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো খহনীয়া ৰোধৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে মাজুলী জিলা ছাত্ৰ সন্থা । লগতে খহনীয়া ৰোধৰ বাবে গছৰ ডাল বান্ধি দিয়া কাৰ্যকো লজ্জাজনক আখ্যা দিয়ে ছাত্ৰ সংগঠনটোৱে ।

মাজুলী ছাত্ৰ সন্থাই জনোৱা মতে, তেওঁলোকে মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত হোৱা গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনাই আহিছে । কিন্তু চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই । সেয়ে, শাসকীয় পক্ষৰ দায়িত্বহীন কাণ্ডত ক্ষোভিত হৈ পৰিছে মাজুলী জিলা ছাত্ৰ সন্থা ।

লগতে পঢ়ক:শোণিতপুৰত অসম ৰাইফলছৰ গছ পুলি ৰোপণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.